ETV Bharat / state

500 বছৰে প্ৰজ্বলিত হৈ থকা এগছি বন্তি...

author img

By

Published : Jul 31, 2021, 8:37 PM IST

প্ৰায় ৫০০ বছৰ গৰকা এই বন্তি এতিয়া ৰূপৰ পাত্ৰত অত্যাধুনিক কাৰিকৰী কৌশল অৱলম্বন কৰি নামঘৰ পৰিচালনা সমিতিয়ে মূল মণিকূটত সংৰক্ষণৰ ব্যৱস্থা কৰিছে । বিশ্ব বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীয়ে এই ঐতিহাসিক বন্তিগছি চাবলৈ ঢেকীয়াখোৱালৈ (dhakiakhua bornamghar) আহে আৰু আশীৰ্বাদ গ্ৰহণ কৰে ।

500 বছৰে প্ৰজ্বলিত হৈ আছে এগছি বন্তি...
500 বছৰে প্ৰজ্বলিত হৈ আছে এগছি বন্তি...

টীয়ক, 31 জুলাই : অসমৰ ধৰ্মীয় পীঠসমূহৰ ভিতৰত অন্যতম ঐতিহাসিক পীঠ ঢেকীয়াখোৱা বৰনামঘৰ (dhakiakhua bornamghar) । যোৰহাট জিলাৰ (jorhat) পূৱ প্ৰান্তৰ অৱস্থিত এয়া এক ঐতিহাসিক পীঠ । প্ৰবাদ অনুসৰি ১৪৫০ শক অথবা ১৫২৮ চনত আহোম ৰজাৰ (ahom dinesty) দিনত বন্দীত্ব শেষ কৰি স্বগৃহ অভিমুখে মহাপুৰুষ মাধৱদেৱ (madhabdev) আহি থকা অৱস্থাত যোৰহাটৰ ঢেকীয়াখোৱাত নিশা কটোৱাৰ উদ্দেশ্যে এহাল বুঢ়া-বুঢ়ীৰ গৃহত উপস্থিত হৈছিল ।

মাধৱ গুৰুজনাৰ বাবে সেই দৰিদ্ৰ দম্পতীয়ে বাৰীৰে ঢেকীয়া শাকৰ আঞ্জা ৰান্ধি নিশাৰ আহাৰৰ ব্যৱস্থা কৰিছিল । নিশা মাধৱ গুৰুজনাই স্নান কৰি উক্ত স্থানতে গুৰুসেৱাৰ অৰ্থে অমিতা এটা কাটি তাত বন্তি জলাই হৰিনাম লৈ সেই বন্তিভাগ অনন্ত কাললৈকে প্ৰজ্বলিত কৰি ৰাখিবলৈ বৃদ্ধ দম্পতীক দায়িত্ব অৰ্পণ কৰিছিল । ইপিনে ঢেকীয়া আঞ্জাৰে তৃপ্তিৰে অন্ন গ্ৰহণ কৰাৰ বাবে উক্ত অঞ্চলটোৰ নাম ঢেকীয়াখোৱা হ'ল ৷ গুৰু কথা পালনৰ অৰ্থে বন্তিভাগ অনন্তকাললৈ প্ৰজ্বলনৰ দায়িত্ব ল'লে বৃদ্ধ দম্পতীয়ে ।

ঢেকীয়াখোৱা বৰনামঘৰৰ অক্ষয়বন্তি গছি

সেই সময়ৰ পৰা আজি পৰ্যন্ত নিৰৱচ্ছিন্নভাৱে পাত্ৰ বদলি হৈছে যদিও গুৰুজনাৰ কথামতে বৃদ্ধ দম্পতীৰ পৰা আজিৰ প্ৰজন্মলৈকে বন্তিভাগ প্ৰজ্বলিত কৰি ৰখাৰ দিহা কৰিছে অঞ্চলটোৰ ৰাইজে । প্ৰায় ৫০০ বছৰ গৰকা এই বন্তি এতিয়া ৰূপৰ পাত্ৰত অত্যাধুনিক কাৰিকৰী কৌশল অৱলম্বন কৰি নামঘৰ পৰিচালনা সমিতিয়ে মূল মণিকূটত সংৰক্ষণৰ ব্যৱস্থা কৰিছে । বিশ্ব বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীয়ে এই ঐতিহাসিক বন্তিগছি চাবলৈ ঢেকীয়াখোৱালৈ আহে আৰু আশীৰ্বাদ গ্ৰহণ কৰে ।

উল্লেখযোগ্য যে, নিৰৱচ্ছিন্নভাৱে প্ৰজ্বলিত হৈ থকাৰ বাবে ইতিমধ্যে এছিয়া বুক অৱ ৰেকৰ্ড আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছতো এই বন্তিগছিয়ে স্থান লাভ কৰিছে । একেদৰে গুৰুজনাই বন্তিগছি প্ৰজ্বলন কৰা দিনৰ পৰা আজি পৰ্যন্ত প্ৰজ্বলিত হৈ থকাৰ বাবে এই বন্তিগছিক অক্ষয় বন্তি বুলি সকলোৱে অভিহিত কৰে ৷ এই বন্তিগছিৰ আশীষ বিচাৰি দুৰ-দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজে বৰনামঘৰৰ প্ৰাংগণত ভীৰ কৰেহি । সম্প্ৰতি বন্তিগছিক কেন্দ্ৰ কৰিয়ে গঢ় লৈ উঠা এই ঢেকীয়াখোৱা বৰনামঘৰ এতিয়া পৰ্যটকসকলৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হিচাপে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়কঃ অমলেটেই কাল হ’ল এগৰাকী মহিলাৰ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.