ETV Bharat / state

সুৰাৰ ৰাগিত মতলীয়া ৰিংকু বাইদেউৰ সন্ত্ৰাস - সুৰাপায়ী পুৰুষ নহয় এইবাৰ মহিলাৰো তাণ্ডৱ চলিছে মৰিয়নিত

সুৰাপায়ী পুৰুষ নহয়, এইবাৰ মহিলাৰো তাণ্ডৱ চলিছে মৰিয়নিত (Terror of drunk women in Mariani)। সুৰাৰ ৰাগিত মতলীয়া মহিলাই আনৰ ঘৰত প্ৰৱেশ কৰি ৰান্ধি থোৱা ভাত খাই কৰিলে উদং। মহিলাগৰাকীৰ কৰ্মকাণ্ডক লৈ অতিষ্ঠ অঞ্চলটোৰ ৰাইজ ।

drunk
সুৰাৰ ৰাগিত মতলীয়া ৰিংকু বাইদেউৰ সন্ত্ৰাস
author img

By

Published : Jun 23, 2022, 7:23 PM IST

যোৰহাট,২৩ জুন : মৰিয়নিত সুৰাপায়ী মহিলাৰ তাণ্ডৱ (Drunk women terror in Mariani)। মহিলাগৰাকীৰ বাবে লটি-ঘটি হৈছে একাংশ লোকৰ । আনৰ ঘৰত প্ৰৱেশ কৰি ৰান্ধি থোৱা ভাত খাই উদং কৰিলে সুৰাপায়ী মহিলাগৰাকীয়ে ।

উল্লেখ্য যে মৰিয়নি চহৰৰ ভিন্ন প্ৰান্তত সুৰাপায়ীৰ অতপালি বৃদ্ধি পাইছে । যাৰ বাবে হাৰাশাস্তি ভূগিবলগীয়া হৈছে চহৰখনৰ একাংশ সভ্য নাগৰিকে । এইবাৰ মহিলা সুৰাপায়ীয়ে নগুৰ-নাগতি কৰিছে এঘৰ লোকক । ঘৰত কোনো নথকা অৱস্থাত সুৰাপান কৰি মহিলাগৰাকীয়ে প্ৰৱেশ কৰিছে ঘৰটোত ।

তাৰ পাছত পাকঘৰত ৰান্ধি থোৱা ভাত খায় উদং কৰিলে সুৰাপায়ী মহিলাগৰাকীয়ে (Drunk women eat rice in others kitchens)। একপ্ৰকাৰ সুৰাৰ ৰাগিত কাৰ ঘৰত প্ৰৱেশ কৰিছে সেই কথাও নাজানে মহিলাগৰাকী । গৃহস্থ আহি মহিলাগৰাকীক ঘৰৰ ভিতৰত প্ৰত্যক্ষ কৰি আচৰিত হয়। লগে লগে স্থানীয় একাংশ লোক উপস্থিত হৈ মহিলাগৰাকীক উভতি ধৰে ।

সুৰাৰ ৰাগিত মতলীয়া ৰিংকু বাইদেউৰ সন্ত্ৰাস

লোকসকলে ঘৰৰ ভিতৰৰ পৰা চোঁচৰাই বাহিৰ কৰিলে সুৰাপায়ী মহিলাগৰাকীক । অৱশেষত মহিলাগৰাকীৰ অতপালি দেখি আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক থানালৈ লৈ যায় । মহিলাগৰাকীৰ নাম ৰিংকু বুলি জানিব পৰা গৈছে ।

ইফালে সুৰাপায়ী মহিলাগৰাকীৰ কৰ্মকাণ্ডই একাংশ লোকক আমোদ দিয়াৰ লগতে আন একাংশ অতিষ্ঠ হোৱা দেখা গৈছে । ইফালে অঞ্চলটোত সুৰাৰ বেহা ইমানে বৃদ্ধি হৈছে যে এনেদৰে এগৰাকী মহিলাই দিন দুপৰতে সুৰাপান কৰি ঘূৰি ফুৰিছে । কিন্তু ইমানৰ পাছতো প্ৰশাসনে অঞ্চলটোত থকা মদৰ ঘাটিবোৰ উচ্ছেদ কৰিবলৈ সক্ষম হোৱা নাই । যাৰ বাবে প্ৰশাসন তথা আবকাৰী বিভাগৰ বিৰুদ্ধে জাঙুৰ খায় উঠিছে একাংশ লোক ।

লগতে পঢ়ক :মাছসহ ৩৬ খনকৈ জাল চুৰি আটক দুই চোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.