ETV Bharat / state

ড্ৰাগছ ল’বলৈ নাপাই যুৱকে ধ্বংস কৰিলে ঘৰৰ বয়-বস্তু

তিতাবৰৰ চেৰেলি মিচিং গাঁৱৰ ড্ৰাগছ আসক্ত (drugs addiction) যুৱক প্ৰাঞ্জল ৰেগনৰ পৰিয়ালত আৰ্থিক সংকট ৷ ড্ৰাগছ আসক্ত প্ৰাঞ্জলে ড্ৰাগছ ক্ৰয় কৰিবলৈ টকা নাপালেই ঘৰৰ বয়-বস্তুসমূহ এফালৰ পৰা ভাঙিবলৈ ধৰে ৷ আনকি ভাত খোৱা কাঁহীখনো ভাঙি শেষ কৰিছে যুৱকজনে ৷ ইতিমধ্যে যুৱকজনক যোৰহাটৰ নিচামুক্তি আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে ৷

drugs addiction youth destroys family properties
ড্ৰাগছ ল’বলৈ নাপাই ঘৰৰ সামগ্ৰী ধ্বংস যুৱকৰ
author img

By

Published : Jun 13, 2021, 10:41 PM IST

তিতাবৰ,13 জুন : যোৰহাট দিলাৰ তিতাবৰৰ বৰহোলাত শেহতীয়াকৈ পোহৰলৈ আহিছে ড্ৰাগছ আসক্তিৰ এক কৰুণ ঘটনা ৷ এজন 20 বছৰীয়া যুৱকক বাঁহৰ খুঁটাত বান্ধি থোৱা হৈছে । কিন্তু হাত-ভৰি বান্ধি থোৱা যুৱকজন কোনো অপৰাধী নহয় । একমাত্ৰ ড্ৰাগছ আসক্তিৰ বাবেই পৰিয়ালৰ লোকে এনেদৰে বান্ধি ৰাখিছে যুৱকজনক ।

জানিব পৰা মতে, তিতাবৰৰ চেৰেলি মিচিং গাঁৱৰ প্ৰাঞ্জল ৰেগন নামৰ যুৱকজনে দৰাচলতে ডেৰবছৰ পূৰ্বেই ড্ৰাগছ আসক্ত (drugs addiction)ত হৈছিল । কিন্তু বিগত ফেব্ৰুৱাৰী মাহৰ পৰা অত্যাধিক হাৰত ড্ৰাগছ সেৱন কৰিবলৈ লয় প্ৰাঞ্জলে । আৰ্থিকভাৱে দুৰ্বল মাতৃৰ পৰা জোৰ-জুলুমকৈ টকা কাঢ়ি নি নিয়মিতভাৱে ড্ৰাগছ সেৱন কৰে প্ৰাঞ্জলে । পিতৃহীন প্ৰাঞ্জলে ড্ৰাগছ ক্ৰয় কৰিবলৈ টকা নাপালেই ঘৰৰ বয়-বস্তুসমূহ এফালৰ পৰা ভাঙিবলৈ ধৰে ৷

ড্ৰাগছ ল’বলৈ নাপাই ঘৰৰ সামগ্ৰী ধ্বংস যুৱকৰ

বৰ্তমান সময়ত প্ৰাঞ্জলৰ দুৰ্ভগীয়া মাতৃ জয়মতী ৰেগনে ভাত খাবৰ বাবে এখন কাঁহীও নাই ঘৰখনত । পুত্ৰৰ উপদ্ৰৱ দিনে দিনে বৃদ্ধি পোৱাত এনেদৰেই মাজে-সময়ে ড্ৰাগছ আসক্ত পুত্ৰক খুঁটাত বান্ধিব থ’বলগীয়া হৈছে মাতৃয়ে । মাতৃগৰাকীৰ অসহায় অৱস্থা দেখি অৱশেষত ইটিভি ভাৰতৰ সাংবাদিকৰ লগতে স্থানীয় একাংশ সচেতন লোকে মাতৃগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহে ।

সচেতন লোকসকলৰ তৎপৰতাত দেওবাৰে পুৱাই ড্ৰাগছ আসক্ত প্ৰাঞ্জল ৰেগনক প্ৰেৰণ কৰা হয় যোৰহাটস্থিত নিচামুক্তি আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ । লগতে অসহায় মাতৃ জয়মতী ৰেগনকো পাৰ্যমানে সহায় কৰাৰ দায়িত্ব গ্ৰহণ কৰে স্থানীয় পঞ্চায়ত সভানেত্ৰীয়ে । ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে এনে বহু পৰিয়াল আছে, যিসমূহ পৰিয়ালে সন্তানৰ মাৰাত্মক ড্ৰাগছৰ সেৱনৰ বাবে আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে । সময় থাকোতেই যদি ড্ৰাগছৰ ব্যৱহাৰ ৰোধ কৰিব পৰা নাযায়, তেন্তে এক অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিব ৰাজ্যখনৰ উঠি অহা প্ৰজন্মই ।

লগতে পঢ়ক : মাজুলীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.