টীয়ক,21ছেপ্তেম্বৰঃ সোমবাৰে সন্ধিয়া টীয়কত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ টীয়কৰ কলিয়াপানীৰ পেট্ৰ'ল ডিপুৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ খুন্দাত ৰামো দাস নামৰ এজন 70ঊৰ্ধৰ লোক থিতাতে নিহত হয় ।
জানিব পৰা মতে, কলিয়াপানী চাপৰি গাঁৱৰ নিবাসী ৰামো দাসে ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰি আছিল ৷ ঘটনাস্থলীত টীয়ক আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ৷ আনহাতে, ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ কামৰ হেমাহীৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি একাংশ স্থানীয় ৰাইজে অভিযোগ কৰে ৷
লগতে পঢ়কঃবিটিচিৰ নিৰ্বাচন পিছুওৱা সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰনীয়াৰ প্ৰতিক্ৰিয়া