ETV Bharat / state

টীয়কত ঘৰচীয়া ম'হ বুলি বেপাৰীক বেচিলে বনৰীয়া ম'হ

author img

By

Published : Aug 10, 2020, 10:15 AM IST

দেওবাৰে দিনত এটা বনৰীয়া ম'হ একাংশ দুস্কৃতিকাৰীয়ে নিজৰ ম'হ বুলি ভৰি বান্ধি নাৱৰে আনি বিক্ৰী কৰি দিয়ে এজন লোকক । বেপাৰীয়ে পৰৱৰ্তী সময়ত ম'হটো বনৰীয়া বুলি জানিব পাৰি সন্ধিয়া পুনৰ চাপৰিটোত এৰি পলায়ন কৰে। উক্ত ঘটনাৰ সন্দৰ্ভত স্থানীয় জনসাধাৰণে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ বিষয়া কৰ্মচাৰী নিশাই চাপৰিত উপস্থিত হয় ৷

টীয়কত ঘৰচীয়া ম'হ বুলি বেপাৰীক বেচিলে বনৰীয়া ম'হ
টীয়কত ঘৰচীয়া ম'হ বুলি বেপাৰীক বেচিলে বনৰীয়া ম'হ

টীয়ক, 10 আগষ্টঃ দেওবাৰে নিশা যোৰহাটৰ টীয়কৰ জাঁজীমুখত এটা ম'হক লৈ সৃষ্টি হয় চাঞ্চল্যৰ ৷ জাঁজীমুখৰ চোমনি চাপৰিত এটা বনৰীয়া ম'হ দেওবাৰে নিশা উদ্ধাৰ হয়। জানিব পৰা মতে দেওবাৰে দিনত এটা বনৰীয়া ম'হ একাংশ দুস্কৃতিকাৰীয়ে নিজৰ ম'হ বুলি ভৰি বান্ধি নাৱৰে আনি বিক্ৰী কৰি দিয়ে এজন লোকক । বেপাৰীয়ে পৰৱৰ্তী সময়ত ম'হটো বনৰীয়া বুলি জানিব পাৰি সন্ধিয়া পুনৰ চাপৰিটোত এৰি পলায়ন কৰে। উক্ত ঘটনাৰ সন্দৰ্ভত স্থানীয় জনসাধাৰণে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ বিষয়া কৰ্মচাৰী নিশাই চাপৰিত উপস্থিত হয় যদিও বনৰীয়া মহটোৱে জাঁজী নদীৰ দ অংশত আশ্ৰয় লৈ থকাত পাৰলৈ তুলিবলৈ বনবিভাগে চেষ্টা অব্যাহত ৰাখিছে। একাংশ লোকে জনোৱা অনুসৰি সেই অঞ্চলৰে দুজন যুৱকে মহটো ব্ৰহ্মপুত্ৰৰ চাপৰি পৰা আনি নিজৰ ম'হ বুলি বিক্ৰী কৰিছিল।

আনহাতে ৰাজ্যত ক্ৰমান্বয়ে বান পৰিস্থিতি পূৰ্বতকৈ কিছু উন্নত হৈছে যদিও এতিয়াও কমা নাই বানৰ তাণ্ডৱ ৷ এই পৰ্যন্ত ৰাজ্যৰ 4 জিলা পানীৰ তলত থকাৰ বিপৰীতে বানত আক্ৰান্ত হৈছে 8,456 হাজাৰ লোক ৷ একেদৰে ধেমাজি, মৰিগাঁও, বাক্সা, আৰু লখিমপুৰ জিলাৰ মুঠ 76 খন গাঁও আক্ৰান্ত হৈছে ৷ ৰাজ্যত মুঠ 4,156 হেক্টৰ কৃষি ভূমি বানত প্লাৱিত হৈছে ৷ আনহাতে আজিৰ তাৰিখলৈকে বানত মৃত্যু হৈছে 110 জন লোকৰ ৷ বানৰ বিভীষিকাৰ মাজতে বানাক্ৰান্ত অঞ্চল সমূহত থকা বন্য জীৱ জন্তু সমূহে আশ্ৰয় বিচাৰি ওখ ঠাইলৈ ঢাপলি মেলাৰ সময়তে একাংশ দুষ্ট প্ৰকৃতিৰ লোকে নামি পৰিছে বন্যজন্তু সমূহৰ বেপাৰত ৷ শেহতীয়াকৈ যোৰহাটৰ জাঁজীমুখৰ ঘটনাই প্ৰমাণ কৰিছে এই কথা ৷ বন বিভাগৰ সতৰ্কতাৰ বাবে বহু প্ৰাণীৰ জীৱন ৰক্ষা পৰিছে যদিও কোনো কোনো অঞ্চলত চোৰাং চিকাৰী সুযোগৰ সন্ধানত থকাৰ কথাও জানিব পৰা গৈছে ৷ বন বিভাগে এই সম্পৰ্কত সতৰ্ক দৃষ্টি ৰাখিছে ৷

লগতে চাওকঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.