ETV Bharat / state

জাঁজীমুখৰ চকুলো মেলেংছিগাত শ্লুইজ গেট নিৰ্মাণৰ বাবে জৰীপ - যোৰহাট জিলা ছাত্ৰ সন্থা

শেহতীয়াকৈ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই যোৰহাট জিলা লৈ চৰকাৰী কাৰ্যসূচীত অহাৰ সময়তে জিলাখনৰ বিভিন্ন সমস্যাৰ লগতে টীয়কৰ জাঁজীমুখৰ চকুলো মেলেংছিগাত এখন শ্লুইজ গেট নিৰ্মাণৰ বাবে দাবী জনায় এখন স্মাৰক পত্ৰ দিছিল যোৰহাট জিলা ছাত্ৰ সন্থাই ৷

জাঁজীমুখৰ চকুলো মেলেংছিগাত শ্লুইজ গেট নিৰ্মানৰ জৰীপ
author img

By

Published : Aug 12, 2019, 1:59 PM IST

টীয়ক,12 আগষ্ট: ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্ৰতিবছৰে প্লাৱিত কৰি অহা পূৱ যোৰহাট আৰু টীয়ক ৰাজহ চক্ৰৰ অধীনস্থ অঞ্চল সমূহলৈ সু-খবৰ ৷ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশ অনুসৰি টীয়কৰ জাঁজীমুখৰ চকুলো মেলেংছিগাত এখন শ্লুইজ গেট নিৰ্মাণৰ বাবে আৰম্ভ হৈছে চৰকাৰী যো-জা ৷ মন্ত্ৰী গৰাকীৰ নিৰ্দেশ মৰ্মে সোমবাৰে উক্ত অঞ্চলত উপস্থিত হৈ পৰিদৰ্শনৰ লগতে জৰীপ চলায় জলসম্পদৰ কাৰ্যবাহী অভিযন্তা দিগন্ত শৰ্মাৰ নেতৃত্বত অহা এটা অভিযন্তাৰ দলে ৷

জাঁজীমুখৰ চকুলো মেলেংছিগাত শ্লুইজ গেট নিৰ্মানৰ জৰীপ

উল্লেখ্য যে, যোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত মেলেংছিগাৰ মুক্ত অংশয়েদি প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাই বৃহত্তৰ জাঁজীমুখ অঞ্চলৰ জনজীৱন বিপৰ্যস্ত কৰি আহিছে ৷ সমষ্টিটোৰ অন্তৰ্গত পূৱ যোৰহাট আৰু টীয়ক ৰাজহ চক্ৰৰ অধীনস্থ প্ৰায় 20/25 খন গাঁৱৰ আৱাসিক অঞ্চল, ঘৰ দুৱাৰ, কৃষি ভূমি প্ৰতিবছৰে প্লাৱিত কৰাত যমৰ যাতনা ভোগ কৰি আহিছে অঞ্চল বাসীয়ে ৷ দীৰ্ঘ দিনীয়া এই সমস্যাটো সমাধানৰ বাবে যোৰহাট জিলা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে দাবী জনায় অহাৰ পাছতো জনপ্ৰতিনিধি সকলৰ অকৰ্মণ্যতাৰ বাবে এই দাবীৰ প্ৰতি কোনো গুৰুত্ব আৰোপ কৰা নাছিল ৷ শেহতীয়াকৈ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই যোৰহাট জিলা লৈ চৰকাৰী কাৰ্যসূচীত অহাৰ সময়তে জিলাখনৰ বিভিন্ন সমস্যাৰ লগতে টীয়কৰ জাঁজীমুখৰ চকুলো মেলেংছিগাত এখন শ্লুইজ গেট নিৰ্মাণৰ বাবে দাবী জনায় এখন স্মাৰক পত্ৰ দিছিল যোৰহাট জিলা ছাত্ৰ সন্থাই ৷ উক্ত দাবীৰ প্ৰতি সঁহাৰি জনায় তৎকালে উক্ত স্থানত শ্লুইজ গেট নিৰ্মাণৰ বাবে জৰীপ কৰাৰ নিৰ্দেশনা দিয়ে যোৰহাট জলসম্পদ বিভাগক ৷ তাৰ পাছতেই আজি উক্ত স্থানত উপস্থিত হৈ জৰীপ চলায় জলসম্পদৰ কাৰ্যবাহী অভিযন্তাৰ দলটোৱে ৷ উল্লেখ্য যে, জৰীপৰ সময়চোৱাত অভিযন্তাৰ দলটোৰ লগত উপস্থিত থাকে ছাত্ৰ সন্থাৰ বহু কেইজন কৰ্মী ৷

Intro:Body:জাঁজীমুখৰ চকুলো মেলেংছিগাত শ্লুইজ গেট নিৰ্মানৰ বাবে জলসম্পদ বিভাগৰ জৰীপ
TEOK:যোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত মেলেংছিগাৰ মুক্ত অংশয়েদি প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী বৃহত্তৰ জাঁজীমুখ অঞ্চলত সোমাই জনজীৱন বিপযস্ত কৰি আহিছে । নদীৰ বাঢ়নী পানীয়ে সমষ্টিটোৰ অন্তৰ্গত পূৱ যোৰহাট আৰু টীয়ক ৰাজহ চক্ৰৰ অধীনস্থ প্ৰায় ২০/২৫ খন গাঁৱৰ আৱাসিক অঞ্চল, ঘৰ দুৱাৰ, কৃষি ভূমি প্লাৱিত কৰাত অঞ্চলটোৰ ৰাইজে বানপানীৰ সময়ছোৱাত যমৰ যান্ত্ৰনা ভোগ কৰিব লগা হোৱাৰ উপৰি কৃষি ভূমিত আৱদ্ধ হৈ থকা পানীৰ বাবে কৃষকে খেতি কৰিব নোৱাৰে।দীৰ্ঘ দিন এই সমস্যা টো সমাধানৰ বাবে যোৰহাট জিলা ছাত্ৰ সন্থাকে ধৰি দল সংগঠনে দাবী জনাই অহাৰ পাছতো জনপ্ৰতিনিধি সকলৰ অকমন্যতাৰ বাবে এই দাবীৰ প্ৰতি কোনো গুৰুত্ব আৰোপ কৰা নাছিল।শেহতীয়াকৈ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই যোৰহাট জিলা লৈ চৰকাৰী কাৰ্যসূচীত অহাৰ সময়ত জিলাখনৰ বিভিন্ন সমস্যাৰ লগতে টীয়কৰ জাঁজীমুখৰ চকুলো মেলেংছিগাত এখন শ্লুইজ গেট নিৰ্মাণৰ বাবে জনোৱা দাবীৰ প্ৰতি সঁহাৰি দি তৎকালে উক্ত স্হানত শ্লুইজ গেট নিৰ্মাণৰ বাবে জৰীপ কৰাৰ নিৰ্দেশনা দিয়ে যোৰহাট জলসম্পদ বিভাগক ।সেই অনুযায়ী জলসম্পদৰ কাৰ্যবাহী অভিযন্তা দিগন্ত শৰ্মাৰ নেতৃত্বত অহা এটা দলে উক্ত স্হানত জৰীপ চলায় ।জিলা ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলো জৰীপৰ সময়ত উপস্থিত থাকে ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.