ETV Bharat / state

এগৰাকী লোকবাদ্য শিল্পীৰ জীৱন সংগ্ৰাম - পৰিয়াল পোহপাল

টীয়কৰ লোকবাদ্য শিল্পী অমল শইকীয়াক সাম্প্ৰতিক পৰিস্থিতিয়ে কোঙা কৰিছে শিল্পী সত্তাক ৷ তীব্ৰ আৰ্থিক সংকটত পৰি পৰিয়াল পোহপাল দিব নোৱাৰাত পৰিছে শিল্পী গৰাকী ৷ আজিকোপতি নাপালে চৰকাৰী সাৰ্হায ৷

Teok unknown artist amal saikiya  stragule life
টীয়কৰ এগৰাকী লোকবাদ্য শিল্পীৰ জীৱন সংগ্ৰাম
author img

By

Published : Sep 3, 2020, 5:07 PM IST

টীয়ক,3 ছেপ্তেম্বৰঃ লক ডাউনৰ পূৰ্বে টীয়কৰ অন্যতম লোকবাদ্যৰ শিল্পী অমল শইকীয়াই শদিয়াৰ পৰা ধুবুৰীলৈ লোকবাদ্য বজাই জীৱন আৰু জীৱিকাৰ পথ মোকলাই আহিছিল ৷ উল্লেখযোগ্য যে, লোকবাদ্য বজাই পৰিয়াল পোহপাল দিয়া অমল শইকীয়াই ঢোল, পেঁপা, খোল , নাগাৰা আদি বজাই ৰাইজক আপ্লুত কৰি আহিছিল ৷ বিশ্বত কৰ’ণা মহামাৰীৰ বাবে দেশত লক্ ডাউন ঘোষণা কৰাৰ বাবে বিগত কেইবামাহো অনুষ্ঠিত হোৱা নাই কোনো ধৰণৰ সামাজিক অনুষ্ঠান যাৰ বাবে শিল্পী গৰাকীয়ে গভীৰ আৰ্থিক সংকটতৰ সন্মুখীন হ’ব লগীয়াত পৰিছে ৷

টীয়কৰ এগৰাকী লোকবাদ্য শিল্পীৰ জীৱন সংগ্ৰাম

আনহাতে, চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত অমল শইকীয়াৰ পৰিয়ালৰ নাই ৰেচন কাৰ্ড, নাই চৰকাৰী এটা আবাস গৃহ ৷ ৰাইজৰ সহযোগত যেনে-তেনে সাজিছে এটা বাঁহৰ পজা, যিটো এতিয়াও অসম্পূৰ্ণ অৱস্থাতে আছে। অসমৰ দুখীয়া শিল্পীক সন্মান আৰু সুবিধা দিয়াৰ কথা কোৱা ৰাজ্য চৰকাৰখনে ঢুকি পাবগৈ নে অমল শইকীয়াৰ দৰে এই সকল প্ৰচাৰ বিমুখ শিল্পীক ৷ চৰকাৰৰ ভাবিবলৈ আহৰি হ'বনে অসমীয়া কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিবলৈ অহৰহ চেষ্টা কৰি থকা শিল্পীৰ মুখলৈ এবাৰ ঘূৰি চাবলৈ ৷

লগতে পঢ়কঃ এপল মিল পুনৰুজ্জীৱিত কৰাৰ দাবীত ঘাইপথ অৱৰোধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.