টীয়ক,12 ফেব্ৰুৱাৰী: চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ পৰিবৰ্তে মাত্ৰ তিনি হাজাৰ টকাৰ অনুদান প্ৰদান কৰাৰ বিৰোধিতাৰে টীয়কত চাহ শ্ৰমিকৰ প্ৰতিবাদ ৷ চাহ শ্ৰমিক সকলক বিজেপি চৰকাৰে প্ৰতাৰণা কৰাৰ দাবীৰে ৰাজ্যৰ প্ৰতিখন চাহ বাগিচাতে অব্যাহত আছে প্ৰতিবাদ ।
যি সময়ত চাহ শ্ৰমিক সকলে মজুৰি বৃদ্ধি,জনজাতিকৰণৰ বাবে তথা বাগিচা অঞ্চলৰ চাহ শ্ৰমিকৰ মৌলিক সমস্যা সমূহ সমাধানৰ বাবে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছিল সেই সময়তে চৰকাৰে কেৱল মাত্ৰ তিনি হাজাৰ টকা প্ৰদান কৰি চাহ শ্ৰমিক সকলক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷
বৃহস্পতিবাৰে এই কাৰ্যৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি টীয়কৰ চাহ শ্ৰমিক সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰে । বিজেপি চৰকাৰে কেৱল ভোটৰ অংকত চাহ শ্ৰমিকৰ মূল সমস্যাৰ প্ৰতি পিঠি দিয়াৰ অভিযোগ উত্থাপন কৰিছে চাহ শ্ৰমিক সকলে । সেয়েহে এইবাৰ বিজেপি দলক চাহ বাগান অধ্যুষিত অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰিব বুলি হুংকাৰ দিছে শ্ৰমিকসকলে ।
লগতে পঢ়ক: 18 ফেব্ৰুৱাৰীৰ পৰা পৰ্যটকৰ বাবে মুকলি ৰামোজী ফিল্ম চিটি