ETV Bharat / state

ফুটব্ৰীজ নিৰ্মাণৰ নামত ব্যাপক কেলেংকাৰী টীয়ক পঞ্চায়তত ! - ফুটব্ৰীজ নিৰ্মাণৰ নামত লাখ লাখ টকাৰ ধন আত্মসাৎ

টীয়ক সমষ্টিৰ অন্তৰ্গত পঞ্চায়তসমূহৰ একাংশ পঞ্চায়ত প্ৰতিনিধি, চৰকাৰী বিষয়া, পঞ্জীয়নভুক্ত সামগ্ৰী যোগানধাৰী তথা ৰাজনৈতিক একাংশ পালিনেতাৰ বিৰুদ্ধে উন্নয়নৰ বাবে অহা ধন আত্মসাৎ কৰাৰ অভিযোগ ছাত্ৰ সন্থাৰ ৷

teok student union complained against teok panchayat scandal
ফুটব্ৰীজ নিৰ্মাণৰ নামত লাখ লাখ টকাৰ ধন আত্মসাতৰ অভিযোগ
author img

By

Published : Feb 17, 2020, 5:29 PM IST

টীয়ক,17 ফেব্ৰুৱাৰীঃ টীয়ক সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত সমূহত একাংশ পঞ্চায়ত প্ৰতিনিধি, চৰকাৰী বিষয়া, পঞ্জীয়ন ভুক্ত সামগ্ৰী যোগানধাৰী ৰাজনৈতিক একাংশ পালিনেতাৰ বিৰুদ্ধে উন্নয়নৰ বাবে অহা ধন আত্মসাৎ কৰাৰ অভিযোগ ছাত্ৰ সন্থাৰ ৷ অভিযোগ অনুসৰি ,চৰকাৰী ধনেৰে শৰাধ পাতি এই সকল লোকে নিজৰ জেপ গধুৰ কৰাৰ বিপৰীতে স্থৱিৰ হৈ পৰিছে সামগ্ৰিক উন্নয়ন । প্ৰাপ্ত অভিযোগ অনুসৰি চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৬-১৭ বৰ্ষতে চিন্তামণিগড় গাওঁ পঞ্চায়তৰ অধীনস্থ নেপালী গাওঁত অনুসূচিত নেপালী জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সংযোগী পথত এখন ফুটব্ৰীজ নিৰ্মাণৰ বাবে ৬ লাখ ৩ হাজাৰ টকা আৱণ্টন দিছিল যদিও বিগত চাৰি বছৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে দলংখন নিৰ্মাণৰ কাম ৷ এই ফুটব্ৰীজ খনৰ নামত আৱণ্টন হোৱা ধন আত্মসাৎ কৰাৰ উপৰি সম্পূৰ্ণ নক্সা সলনি কৰি পকী পুল নিৰ্মাণৰ নামত ৰাজহুৱা ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইতিমধ্যে ছাত্ৰসন্থাই কলিয়াপানী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক উক্ত আঁচনিৰ ধন আত্মসাৎ কৰাৰ ঘটনাৰ তদন্তৰ দাবীত প্ৰদান কৰিছে স্মাৰকপত্ৰ ৷

ফুটব্ৰীজ নিৰ্মাণৰ নামত লাখ লাখ টকাৰ ধন আত্মসাতৰ অভিযোগ

লগতে পঢ়কঃবিদ্যালয়ৰ ভিতৰত ছাত্ৰৰ আত্মহত্যাক লৈ নগাঁৱত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.