ETV Bharat / state

টীয়কত শিল্পী দিৱস উদযাপন - শিল্পী দিৱস

টীয়কৰ গুৱালগাঁৱস্থিত সুধাকন্ঠ ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত দেওবাৰে জ্যোতি প্ৰসাদ আগৰৱালাক স্মৰণ কৰি শিল্পী দিৱস উদযাপন কৰা হয় ৷ টীয়কৰ অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠী উদ্যোগত শিল্পী জ্যোতি প্ৰসাদলৈ সন্মান প্ৰদৰ্শন কৰি আয়োজন কৰা হয় এই কাৰ্যসূচীৰ ৷

teok_silpi_divas
টীয়কত শিল্পী দিৱস উদযাপন
author img

By

Published : Jan 17, 2021, 4:38 PM IST

টীয়ক, 17 জানুৱাৰী : টীয়কৰ অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠী উদ্যোগত সাহিত্য চ'ৰা, চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়, টীয়ক শাখা সাহিত্য সভা আৰু টীয়ক কবি সন্মিলনৰ সহযোগত টীয়কৰ গুৱালগাঁৱস্থিত সুধাকন্ঠ ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত শিল্পী দিৱস অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি জ্যোতি প্ৰসাদ আগৰৱালাক স্মৰণ কৰি উপস্থিত সকলোৱে এক অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰে।

লগতে অনিৰ্বাণৰ উদ্যোগত চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° কৰবী গগৈয়ে ৰাইজৰ সহযোগত হাতে লিখা আলোচনী 'জ্যোতিৰ জিলমিল জোনাক' নামৰ এখনি আলোচনীৰ উন্মোচন কৰে ৷

টীয়কত শিল্পী দিৱস উদযাপন

উল্লেখ্য যে, অনিৰ্বাণে ১৯৮৭ চন অৰ্থাৎ জন্মলগ্নৰ পৰাই প্ৰতিবছৰেই শিল্পী জ্যোতি প্ৰসাদলৈ সন্মান প্ৰদৰ্শন কৰি নিৰবিচ্চিন্নভাৱে আজিৰ দিনটোত উদযাপন কৰি আহিছে শিল্পী দিৱস। অনুষ্ঠানত উপস্থিত বিভিন্নজনে শিল্পীগৰাকীৰ অকৃত্ৰিম কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি নৃত্য, কবিতা,গীতৰে এক সুন্দৰ পৰিৱেশ গঢ়ি তোলে। লগতে মহান তিনিও কালৰ শিল্পীগৰাকীৰ জাতীয় চেতনা বৰ্তমান প্ৰজন্মৰ বাবে অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে বুলি অনুধাৱন কৰি শ্ৰীমন্ত শংকৰদেৱ,মাধৱদেৱকে প্ৰমুখ্য কৰি জ্যোতি-বিষ্ণুৰ পৰা সুধাকন্ঠলৈকে প্ৰতিজন মণিষীৰ গুণ গৰিমাৰ চৰ্চা অব্যাহত ৰাখিবলৈ সকলোকে আহ্বান জনাই আহিছে।
লগতে পঢ়ক: অৱশেষত নিলম্বন বিতৰ্কিত চিকিৎসক ডাঃ অজন্তা হাজৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.