ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত টীয়কত অসমপ্ৰেমীৰ সংবাদ মেল - অসমপ্ৰেমীৰ সংবাদ মেল

টীয়কত অসমপ্ৰেমী নামৰ এটা সংগঠনৰ সংবাদ মেল । অখিল গগৈৰ মুক্তিৰ দাবীত টীয়কত এই সংবাদমেল । বৰাকত প্ৰদীপ দত্ত ৰয়ে অসমীয়া বিৰোধী মনোভাৱ জগাই তোলা, দিল্লীৰ কৃষক আন্দোলনত ভাগ লোৱা অসমৰ কৃষক দলৰ ওপৰত কৰা প্ৰশাসনৰ অত্যাচাৰ আৰু অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা আদি প্ৰসংগ তুলি ধৰা হয় এই সংবাদমেলত ।

অখিল গগৈৰ মুক্তিৰ দাবীত টীয়কত অসমপ্ৰেমীৰ সংবাদ মেল

author img

By

Published : Feb 6, 2021, 7:43 PM IST

টীয়ক, ৬ ফেব্ৰুৱাৰী: অখিল গগৈৰ মুক্তিৰ দাবীত অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজৰ টীয়কস্থিত মুখ্য কাৰ্যালয়ত সংবাদমেলৰ আয়োজন । সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি অৰিন্দম শদিয়াখোৱা, প্ৰচাৰ সম্পাদক মানস প্ৰতীম ভুঞাই এই সংবাদ মেল সম্বোধন কৰে । এবছৰ উকলি যোৱাৰ পাচতো আজি পৰ্যন্ত কাৰাৰুদ্ধ অখিল গগৈক শাসনাধিষ্ঠ চৰকাৰখনে মুক্তি দিয়া নাই । নিৰ্বাচনৰ প্ৰাকক্ষণত গগৈক অনতি পলমে মুক্তিৰ দাবী জনায় সংগঠনটোৰ নেতাসকলে ।

অসম আৰু অসমীয়াৰ স্বাৰ্থত ৰাইজৰ দলত সকলোকে যোগদান কৰি কৃষক নেতাগৰাকীৰ হাতত শাসনৰ বাঘজৰী অৰ্পণ কৰিবলৈ সকলোকে আহ্বান জনায় । ইয়াৰোপৰি, গগৈৰ মুক্তিৰ দাবীৰে এক লাখ গণস্বাক্ষৰ গ্ৰহণ কৰা, বৰাকত প্ৰদীপ দত্ত ৰয়ে অসমীয়া বিৰোধী মনোভাৱ জগাই তোলা, দিল্লীৰ কৃষক আন্দোলনত ভাগ লোৱা অসমৰ কৃষক দলৰ ওপৰত কৰা প্ৰশাসনৰ অত্যাচাৰ আৰু অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাক লৈ এই সংবাদমেলৰ আয়োজন কৰে ।

উল্লেখযোগ্য যে, দেওবাৰে অসমলৈ প্ৰধানমন্ত্ৰী মোডী ঢেকিয়াজুলিলৈ আহিব । মোডীৰ এই ভ্ৰমণ কালচোৱাত কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবীত প্ৰায় দহ হাজাৰ স্বাক্ষৰ সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰদান কৰিব ।

লগতে পঢ়ক:ইকো-টুৰিজিম সংবৰ্ধনৰ লক্ষ্যৰে মুকলি "প্ৰজেক্ট যাযাবৰ"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.