টীয়ক, 12 জুনঃ যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ ২৩ নং মধ্য হোলোঙাপাৰ পঞ্চায়ত সভাপতি পৰাগ বুঢ়াগোহাঁইক মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজি ১০০০ টকীয়া কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে লাহদৈগড় আৰক্ষীয়ে। জানিব পৰা মতে লোকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছৰ পৰাই অভিযুক্ত বুঢ়াগোহাঁই পলাতক অৱস্থাত আছিল ৷ অৱশ্যে আজি এখন সভাত অংশ গ্ৰহণ কৰাৰ সময়তে আৰক্ষীয়ে বিশেষ সুত্ৰৰ পম খদি গ্ৰেপ্তাৰ কৰে সভাপতি জনক। লাহদৈগড় আৰক্ষীয়ে গোচৰ 278/20 under saction 120B /406/420/409 IPC ভিত্তিত গ্ৰেপ্তাৰ কৰি কংগ্ৰেছৰ সভাপতিজনক আৰু ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
লগতে পঢ়কঃ বাঘজানৰ জুই নুমুৱাবলৈ সন্মিলিতভাৱে কাম চলি আছে- চন্দ্ৰমোহন পাটোৱাৰী