ETV Bharat / state

সোণাৰী মিচিং গাঁৱত এইবেলি উদযাপন নহয় আলি আয়ে লৃগাং - সোণাৰী মিচিং গাঁও

11 ফেব্ৰুৱাৰীত টীয়কৰ সোণাৰী মিচিং গাঁৱত সংঘটিত হৈছিল এক অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত গৃহহাৰা চাৰিটাকৈ পৰিয়ালৰ গৃহ নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ পৰে গাঁৱবাসী ৷ ব্যয় কৰিলে উৎসৱ উদযাপনৰ বাবে সংগৃহীত ধন ৷

টীয়ক সোণাৰী মিচিং গাঁৱত এইবেলি উদযাপন নহয় আলি আয়ে লৃগাং

author img

By

Published : Feb 17, 2021, 11:44 AM IST

টীয়ক,17 ফেব্ৰুৱাৰী: যোৰহাট জিলাৰ টীয়কৰ সোণাৰী মিচিং গাঁৱৰ ৰাইজে এইবেলি উদযাপন নকৰে আলি আয়ে লৃগাং ৷ তাৰ পৰিৱৰ্তে গাঁৱখনৰ ৰাইজ ব্যস্ত হৈ পৰিছে 11 ফেব্ৰুৱাৰীত সংঘটিত অগ্নিকাণ্ডত গৃহহাৰা হোৱা চাৰিটাকৈ পৰিয়ালৰ পুনৰ গৃহ নিৰ্মাণৰ কামত ৷ হাতে হাতে দা, কোৰ, বাঁহ লৈ গাঁৱবাসী ওলাই আহে পৰিয়াল কেইটিক নতুন ঘৰ সাজি দিবলৈ ৷

টীয়ক সোণাৰী মিচিং গাঁৱত এইবেলি উদযাপন নহয় আলি আয়ে লৃগাং

উল্লেখ্য যে, পূৰ্বে দুদিনীয়া কাৰ্যসূচীৰে আলি আয়ে লৃগাং উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল গাঁৱবাসীয়ে ৷ কিন্তু আকস্মিকভাৱে পৰিয়ালকেইটিলৈ নামি অহা দুৰ্যোগৰ সমভাগী হৈ আলি আয়ে লৃগাঙৰ সকলো কাৰ্যসূচী বাতিল কৰে ৷ লগতে ভুক্তভোগী পৰিয়ালকেইটা থাকিব পৰাকৈ অস্থায়ী গৃহ নিৰ্মাণ কৰিবৰ বাবে শ্ৰমদানৰ কাৰ্যসূচী গ্ৰহণ কৰে ৷ উল্লেখ্য যে, আলি আয়ে লৃগাং উদযাপনৰ বাবে সংগৃহীত ধন পৰিয়ালকেইটালৈ আগবঢ়াই গাঁৱবাসীয়ে মানৱতাৰ নিৰ্দশন দেখুৱায় ।

লগতে পঢ়ক: যুদ্ধংদেহি গতিৰে আগবাঢ়িছে টীকাকৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.