টীয়ক, ১৪ মাৰ্চ: টীয়ক বিধানসভা সমষ্টিত নাই উন্নয়নৰ কোনো চানেকি ৷ উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ দিনতেই উন্নয়নৰ ফোঁপোলা ছবি দেখিবলৈ পোৱা গৈছে টীয়ক বিধানসভা সমষ্টিটোত । এই সমষ্টিটোত ২০১৪ চনৰে পৰা দেখা নাই উন্নয়নৰ মুখ ৷ সুদীৰ্ঘ ছয়বছৰে কোনো এজন জনপ্ৰতিনিধিয়ে উন্নয়নমূলক কামৰ পৰা গা এৰাই চলিছে । বিধায়কিকা ৰেণুপমা ৰাজখোৱাৰ টীয়ক বিধানসভা সমষ্টিত দলঙৰ অৱস্থা তেনেই তথৈবচ ৷ সমষ্টিটোৰ বিশেষকৈ জাঁজীমুখত নাই পকী দলং ৷ সমষ্টিটোৰ জাঁজীমুখৰ প্লেটফৰ্ম-জপং গাঁও সংযোগী স্থায়ী দলং আজিকোপতি নিৰ্মাণ নোহোৱাত ভূৰেৰে বিপদ সংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে সমষ্টিবাসীয়ে । বছৰৰ পিছত বছৰ ধৰি সমষ্টিবাসীয়ে এইদৰে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগি আহিছে । দলংটো বাদেই, বিদ্যালয়-মহাবিদ্যালয়ৰ অৱস্থাও তেনেই শোচনীয় অৱস্থা । আনকি বিপদৰ সময়ত জৰুৰীকালীন এম্বুলেঞ্চো পাৰ হ’ব নোৱাৰে দলং নোহোৱা নৈখনেৰে । ইফালে স্থানীয় বিধায়কগৰাকীৰো আহৰি নাই ৰাইজৰ খবৰ ল’বলৈ ৷ যাৰ বাবে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ৷
জাঁজীমুখৰ এই সমস্যা সমূহ সমাধানৰ বাবে বিগত ২০১৪ চনৰ সংসদৰ নিৰ্বাচন আৰু ২০১৬ চনৰ বিধান সভাৰ নিৰ্বাচনৰ প্ৰাকক্ষনত বিজেপি, অগপৰ নেতা,পালিনেতা সকলে জাঁজীমুখৰ প্লেটফৰ্ম-জপং গাঁও সংযোগী স্থায়ী দলং নিৰ্মাণ কৰিব, জাঁজীমুখৰ একমাত্ৰ ৰাজ্যিক চিকিৎসালয়খনৰ উন্নীতকৰণ কৰিব, খোৱাপানীৰ সমস্যাৰ সমাধান কৰিব, বন্য হস্তীৰ সন্ত্ৰাসৰ পৰা অঞ্চলবাসীক পৰিত্ৰাণৰ ব্যৱস্থা কৰিব আদি হাজাৰটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । কিন্তু বিগত সময়ত এই প্ৰতিশ্ৰুতিসমূহ প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল । পুনৰ আহিল নিৰ্বাচন হয়তো চতুৰ ৰাজনৈতিক দলসমূহে আকৌ বজাব উন্নয়নৰ কেচেট । কিন্তু এইবাৰ জাঁজীমুখৰ ৰাইজ সচেতন । ভুৱা প্ৰতিশ্ৰুতিৰে ভোট ভিক্ষা কৰিবলৈ আহি নহ'ব লাভ । এইবেলি নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ । পৰিৱৰ্তন আৰু উন্নয়নৰ শ্ল’গান দি শাসনৰ গাদীত বহা বিজেপি চৰকাৰখনে বিগত পাঁচ বছৰে জাঁজীমুখৰ ৰাইজক চৰম প্ৰতাৰণাৰ বাদে একোৱে নিদিলে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক:আজি বিশ্বনাথ, গহপুৰ আৰু দেৰগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাজনাথ সিঙে