ETV Bharat / state

টীয়কৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন সাংসদ তপন কুমাৰ গগৈৰ

টীয়কত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ দেওবাৰে টীয়কৰ বান পৰিস্থিতিৰ বুজ ল’লে সাংসদ তপন কুমাৰ গগৈয়ে ৷

টীয়কৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন সাংসদ তপন কুমাৰ গগৈৰ
author img

By

Published : Jul 14, 2019, 11:03 PM IST

টীয়ক, 14 জুলাইঃ টীয়কৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন সাংসদ তপন কুমাৰ গগৈৰ ৷ দ্বিতীয় দিনা অধিক অৱনতি ঘটিছে বান পৰিস্থিতি । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ইতিমধ্যে টীয়ক আৰু পূৱ যোৰহাট ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত ন ন অঞ্চল বুৰাই পেলাইছে । শেহতীয়া বানত জাঁজীমুখৰ জপং গাঁও, তিনিঘৰীয়া, বৰমঠাউৰি, শগুনপাৰা, ভকত গাঁওকে ধৰি প্ৰায় ৩০-৩৫ খন গাঁৱৰ প্ৰায় ২০-২৫ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে । তদুপৰি এই বানত প্ৰায় ডেৰশ হেক্টৰ কৃষি ভূমি প্লাৱিত হৈছে ।

টীয়কৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন সাংসদ তপন কুমাৰ গগৈৰ

উল্লেখযোগ্য যে, এই মূহুৰ্তলৈকে আশ্ৰয় শিৱিৰ স্থাপন কৰা হোৱা নাই যদিও জিলা প্ৰশাসনৰ তৰফৰ পৰা বানাক্ৰান্ত সকলৰ মাজত খাদ্য সামগ্ৰী, পশুধনৰ বাবে খাদ্য যোগান ধৰা হৈছে । ইপিনে টীয়কৰ বান সমস্যাৰ বুজ লোৱাৰ উদ্দেশ্যে আজি সন্ধিয়া অসম চৰকাৰৰ শক্তিমন্ত্ৰী তথা যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ৰজাবাৰীৰ নামচুক অঞ্চলত উপস্থিত হয় ।

চক্ৰ বিষয়া ভাস্কৰ ৰাজবংশীয়ে প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা পদক্ষেপৰ কথা অৱগত কৰে । সাংবাদিকৰে হোৱা কথা প্ৰসংগত সাংসদ গগৈয়ে কয় যে বানাক্ৰান্ত সকলৰ সাহাৰ্যৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশনা প্ৰদান কৰিছে । ইপিনে শনিবাৰে বাঢ়নী পানীত পৰি মৃত্যু হোৱা টীয়ক কাৱৈমাৰী মিচিং গাঁৱৰ ছানিয়া টাহু নামৰ তিনিবছৰীয়া শিশুটোৰ পৰিয়াললৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চাৰি লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে সাংসদ গগৈয়ে ৷

Intro:Body:টীয়কত বান পৰিস্থিতি অপৰিবৰ্তিত/বানাক্ৰান্ত অঞ্চলত সাংসদ তপন কুমাৰ গগৈ
TEOK: আজি দ্বিতীয় দিনাও টীয়কৰ বান পৰিস্থিতি অধিক অৱনতি ঘটিছে । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ইতিমধ্যে টীয়ক আৰু পূৱ যোৰহাট ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত ন ন অঞ্চল বুৰাই পেলাইছে ।শেহতীয়া বানে জাঁজীমুখৰ জপং গাঁও ,তিনিঘৰীয়া,বৰমঠাউৰি,শগুনপাৰা, ভকত গাঁওকে ধৰি প্ৰায় ৩০/৩৫ খন গাঁৱৰ২০/২৫ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে । তদুপৰি এই বানত প্ৰায় ডেৰশ হেক্টৰ কৃষি ভূমি প্লাৱিত হৈছে ।উল্লেখযোগ্য যে এই মূহুৰ্তলৈকে আশ্ৰয় শিৱিৰ স্হাপন কৰা হোৱা নাই যদিও জিলা প্ৰশাসনৰ তৰফৰ পৰা বানাক্ৰন্ত সকলৰ মাজত খাদ্য সামগ্ৰী, পশুধনৰ বাবে খাদ্য যোগান ধৰিছে।ইপিনে টীয়কৰ বান সমস্যাৰ বুজ লোৱাৰ উদ্দেশ্যে আজি সন্ধিয়া অসম চৰকাৰৰ শক্তি মন্ত্ৰী তথা যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ৰজাবাৰীৰ নামচুক অঞ্চলত উপস্হিত হয়। চক্ৰ বিষয়া ভাস্কৰ ৰাজবংশীয়ে প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা পদক্ষেপৰ কথা অৱগত কৰে।সাংবাদিকৰে হোৱা কথা প্ৰসংগত সাংসদ গগৈয়ে কয় যে বানাক্ৰান্ত সকলৰ সাহাৰ্যৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশনা প্ৰদান কৰিছে।ইপিনে কালি বাঢ়নী পানীত পৰি মৃত্যু হোৱা টীয়ক কাৱৈমাৰী মিচিং গাঁৱৰ ছানিয়া টাহু নামৰ তিনিবছৰীয়া শিশুটোৰ পৰিয়াললৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চাৰি লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে সাংসদ গগৈয়ে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.