টীয়ক, 15 ফেব্ৰুৱাৰীঃ প্ৰতিবাদৰ ঢৌৱে পুনৰ কঁপাইছে অসমৰ আকাশ-বতাহ ৷ ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰতিবাদত নামিছে এইবাৰ সোণাৰী মিচিং গাঁৱৰ ৰাইজে ৷ সোমবাৰে টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতি, টীয়ক আঞ্চলিক চুতীয়া জাতি ছাত্ৰ সন্থা, টি এম পি কে আৰু টীয়কবাসী ৰাইজে টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷ কিয়নো এই বৰ্ষৰে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত টীয়কৰ বানে গৰকা জাঁজীভুখৰ ওপৰ শগুনপাৰা আৰু টীয়ক সোণাৰী মিচিং গাঁৱৰ কেইবাটাও পৰিয়ালৰ বাসগৃহত লাগিছিল জুই ৷ যাৰ ফলত জুইত জাহ গৈছিল পৰিয়াল কেইটাৰ সকলো সা-সম্পত্তি ৷ যাৰ ফলত এতিয়া সৰ্বশ্ৰান্ত হৈ পৰা পৰিয়ালকেইটাৰ মাজত লাগিছে হাহাকাৰ ৷
উল্লেখ্য যে, বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসী ৰাইজে ৷ এই দূৰ্ভগীয়া পৰিয়াল কেইটাক উচিত ক্ষতিপূৰণৰ আহ্বান জনাইছে টীয়কৰ বিভিন্ন দল সংগঠনে ৷
কিন্তু প্ৰায় এসপ্তাহ উকলি যোৱাৰ পাছতো প্ৰশাসনৰ কোনো সহাৰি নাপাই বিভিন্ন দল সংগঠনৰ সহযোগত ৰাজপথলৈ ওলাই আহিল টীয়ক সোণাৰী মিচিং গাঁৱৰ ৰাইজ ৷ প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গান দি সাব্যস্ত কৰে প্ৰতিবাদ ৷ অনতি পলমে উচিত ক্ষতিপূৰণ, পুনৰ সংস্থাপন আৰু নূন্যতম সকলো সা-সুবিধা প্ৰদান কৰাৰ লগতে ঘটনাটোৰ উচিত তদন্ত কৰি ক্ষতিগ্ৰস্থ পৰিয়ালক সকাহ দিবলৈ চৰকাৰক আহ্বান জনাইছে প্ৰতিবাদী জনতাই ৷
লগতে পঢ়কঃ ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল এচিড আক্ৰমণকাৰী