ETV Bharat / state

টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সফল সামৰণি - অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড° ভীমকান্ত বৰুৱা

টীয়কৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান । বৰ্ষযোৰা কাৰ্যসূচীৰ অন্তিমটো কাৰ্যসূচী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় ।

টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সফল সামৰণি

author img

By

Published : Feb 25, 2021, 9:20 PM IST

টীয়ক, ২৫ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে যোৰহাট জিলাৰ টীয়কৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান । আধুনিক শিক্ষাৰ বাটকটীয়া টীয়কৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ বৃহস্পতিবাৰে অন্তিম কাৰ্যসূচী । ইয়াৰ লগত লগত সংগতি ৰাখি বৰ্ষযোৰা কাৰ্যসূচীৰ অন্তিমটো কাৰ্যসূচী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় ।

পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণৰ পাচতেই মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিজয় কৃষ্ণ পাচনিৰ পৌৰোহিত্যত অনুষ্ঠিত কৰা হয় সামৰণি অনুষ্ঠানৰ । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড° ভীমকান্ত বৰুৱা আৰু ড° নৱকুমাৰ সন্দিকৈক এই শুভক্ষণত বিশেষ সম্বৰ্দ্ধনা জনোৱাৰ লগতে হীৰক জয়ন্তী উপলক্ষে প্ৰস্তুত কৰি উলিয়াওৱা কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয় ।

টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সফল সামৰণি

উক্ত অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° জাহ্নবী গগৈ নাথ, সহযোগী অধ্যাপক ড° মানস প্ৰতিম বৰ্মন, মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° যজ্ঞেশ্বৰ বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাৰুৱা ভাষণেৰে সকলোকে আপ্লুত কৰি তোলে । সভাৰ অন্তত প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ মাজত এক অন্তৰংগ আলাপ অনুষ্ঠান আৰু এক বৰ্ণাঢ্য সংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ।

উল্লেখযোগ্য যে, যোৱা ২০১৯ বৰ্ষতে যদিও হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কৰা হৈছিল মহাবিদ্যালয়খনৰ তিনিগৰাকীকৈ শিক্ষক অনাকাংক্ষিতভাৱে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰাৰ লগতে দেশত কা, অতিমাৰী কৰ'ণাৰ আতংকৰ বাবে এইবেলি অনুষ্টুপীয়াকৈ অনুষ্ঠানভাগী সামৰিবলগীয়া হৈছে বুলি মন্তব্য কৰিছে অধ্যক্ষগৰাকীয়ে ।

লগতে পঢ়ক:একাপ চাহৰ বাবে ডিমৌত চুৰিকাঘাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.