টীয়ক,১১ মাৰ্চ: আজি মহা শিৱৰাত্ৰী । শিৱৰাত্ৰী উপলক্ষে এই বিশেষ দিনটোতে যোৰহাট জিলাৰ টীয়কত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় । টীয়কৰ মাজমজিয়াত চেলেংহাট পথৰ যুৱকসকলে একত্ৰিত ৰক্তদান শিবিৰৰ আয়োজন কৰে । নৱ স্থাপিত শিৱ মন্দিৰ প্ৰাংগণত মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত তথা যোৰহাট লায়ন্স ক্লাবৰ সহযোগত এই শিবিৰৰ আয়োজন কৰা হয় ।
'ৰক্তদান মহান দান' নামেৰে আৰম্ভ কৰা এই কাৰ্যসূচীত ইতিমধ্য শতাধিক লোকে স্ব-ইচ্ছাৰে ৰক্তদান কৰিছে । উল্লেখযোগ্য যে, এই শিবিৰত তিনিগৰাকীকৈ মহিলাই ৰক্তদান কৰি এক আদৰ্শৰ নিদৰ্শন দাঙি ধৰিছে । এই কাৰ্যই উদ্যোক্তাসকলৰ বাবে এক গৌৰবৰ বিষয় বুলি অভিহিত কৰিছে অঞ্চলবাসীয়ে ।
লগতে পঢ়ক: গুৰুতৰভাৱে অসুস্থ মৰিয়নিৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষ