টীয়ক, 6 ডিচেম্বৰ : ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰে মিত্ৰতা কৰি আঞ্চলিকতাবাদক ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰি অসম গণ পৰিষদৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিল অসম জাতীয় পৰিষদৰ ৰাজ্যিক সমন্বয়ক অদীপ কুমাৰ ফুকন । অ. জা.প.ৰ টীয়ক সমষ্টি সমিতি গঠনৰ বাবে দেওবাৰে টীয়কৰ ফুড ভিলা সভাগৃহত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি ফুকনে কয় যে, অসম তথা অসমীয়াৰ স্বাৰ্থ বিৰোধী বিজেপিৰ প্ৰতিটো সিদ্ধান্ত চকু মুদি সমৰ্থন কৰা অগপই ইতিমধ্যে আঞ্চলিক চৰিত্ৰ হেৰুৱাই পেলাইছে । অসম আন্দোলনৰ অগ্ৰণী নেতা তথা টীয়কৰ গৌৰৱ, আঞ্চলিকতাবাদত বিশ্বাসী সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ গৃহভূমি টীয়কত আঞ্চলিককতাবাদৰ কবৰ খান্দি তেওঁৰে সহধৰ্মিনী বিধায়িকা ৰেণুপমা ৰাজখোৱাই ৰাষ্ট্ৰীয় দলৰে মিতিৰালি কৰা কাৰ্য তেওঁৰ স্বামীৰ প্ৰতি কৰা অবমাননা বুলি উল্লেখ কৰে বুলি মন্তব্য কৰে অদীপ কুমাৰ ফুকনে ৷
অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কিৰণ চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত ৰাজ্যিক আহ্বায়ক অনুপ ফুকনকে ধৰি অ.জা.পৰ কেইবা গৰাকী নেতা উপস্থিত থাকে । সৌৰভ বৰা, মাধুৰ্য চাংকাকতিয়ে আঁত ধৰা এই সভাত ৭৪ জন সদস্যৰে টীয়ক সমষ্টি ভিত্তিত এখন আহ্বায়ক সমিতি গঠন কৰা হয় আৰু এই সমিতিয়ে অনাগত দিনত আঞ্চলিকতাবাদৰ প্ৰকৃত ধাৰাৰে সমষ্টিটো আগবঢ়াই নিব বুলি আশা প্ৰকাশ কৰিছে সদস্যসকলে ।
লগতে পঢ়ক: ভালুকৰ সাঙীত পৰিণত ভাৰতীয় ষ্টেট বেংকৰ এ.টি.এম