ETV Bharat / state

জয়ন্ত বৰাৰ মৃত্যুক কেন্দ্ৰ কৰি অব্যাহত আছে উত্তেজনাঃ মৃতদেহ চমজি নললে পৰিয়ালে - জয়ন্ত বৰাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

যুৱকজনৰ মৃত্যুক হত্যা আখ্যা দি দোষীক উচিত শাস্তি দিয়াৰ বাবে তীব্ৰ দাবী জনাইছে পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে ৷

Tense situation continues in Jorhat due to Jayanta Bora death case
জয়ন্ত বৰাৰ মৃত্যুক কেন্দ্ৰ কৰি অব্যাহত আছে তীব্ৰ উত্তেজনাঃ মৃতদেহ চমজি নললে পৰিয়ালে
author img

By

Published : Jun 16, 2020, 10:53 AM IST

Updated : Jun 16, 2020, 12:34 PM IST

যোৰহাট, 16 জুন: সেনাই আটক কৰি নিয়াৰ পাছতেই মৃত্যু হোৱা জয়ন্ত বৰাৰ মৃত্যুক কেন্দ্ৰ কৰি বৰ্তমানেও যোৰহাটৰ বৰহোলাত অব্যাহত আছে তীব্ৰ উত্তেজনা ৷ যুৱকজনৰ মৃতদেহ চমজি নল'লে পৰিয়ালৰ লোকে ৷ বৰ্তমানেও মৰ্গতে ৰখা হৈছে যুৱকজনৰ মৃতদেহ ৷ যুৱকজনৰ মৃত্যুক হত্যা আখ্যা দি দোষীক উচিত শাস্তি দিয়াৰ বাবে তীব্ৰ দাবী জনাইছে পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে ৷ উল্লেখ্য যে, ঘটনা সন্দৰ্ভত জয়ন্তৰ মাতৃৰ এজাহাৰৰ ভিত্তিত বৰহোলা থানাত ৰুজু হৈছে এক গোচৰ ৷ লগতে এই ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে জিলা উপায়ুক্তই ৷ অতিৰিক্ত জিলা দণ্ডধীশ তপন গোহাঁইয়ে আগন্তুক দহ দিনৰ ভিতৰত দাখিল কৰিব তদন্তৰ প্ৰতিবেদন ৷

জয়ন্ত বৰাৰ মৃত্যুক কেন্দ্ৰ কৰি অব্যাহত আছে উত্তেজনাঃ মৃতদেহ চমজি নললে পৰিয়ালে

এই ঘটনাৰ পিছতে ইতিমধ্যেই ৰিজাৰ্ভ ক্লজ কৰা হৈছে বৰহোলা থানাৰ অচি মিন্টু সন্দিকৈৰ লগতে বেকাজান আৰক্ষী চকীৰ আই চি গোপাল দলেক ৷ সমগ্ৰ ঘটনাৰ বিষয়ে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক অৱগত কৰিছে যোৰহাটৰ উপায়ুক্তই ৷ উল্লেখ্যযোগ্য যে, উক্ত ঘটনা সংঘটিত হোৱাৰ নিশা সেনা-আৰক্ষীৰ লগত উপস্থিত আছিল মহকুমা আৰক্ষী বিষয়া গৰাকীও ৷ এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক অতি শীঘ্ৰে উচিত শাস্তি প্ৰদান নকৰিলে অসম জুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে হিন্দু জাগৰণ মঞ্চই ৷ নিহত জয়ন্ত বৰাৰ পৰিয়াললৈ ঠেঙাল কছাৰি স্বায়ত্ব শাসিত পৰিষদৰ পৰা তিনি লাখ টকাৰ সাহায্য ঘোষণা কৰা হৈছে ৷

লগতে পঢ়কঃ জয়ন্ত বৰাৰ মৃত্যুৰ তদন্ত ঘোষণা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ

Last Updated : Jun 16, 2020, 12:34 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.