ETV Bharat / state

Rangali Bihu 2022 : মুদৈজান ভৰলুৱা গাঁৱত উদযাপন তাঁত বিহু

author img

By

Published : Apr 17, 2022, 10:14 AM IST

আজি 3 ব’হাগ অৰ্থাৎ তাঁত বিহু ৷ তাঁত বুলিলে অসমীয়া গ্ৰামাঞ্চলৰ এক বিশেষ ছবি মনলৈ আহে ৷ চাওক, তাঁত বিহু(Tat Bihu celebrations at Teok) উপলক্ষে টীয়কৰ সংবাদদাতা সাৰংগপাণি শইকীয়াই মুদৈজান ভৰলুৱা গাঁৱৰ পৰা যুগুত কৰা বিশেষ প্ৰতিবেদন...

tat-bihu-celebrations-at-teok
ভৰলুৱা গাঁৱত উদযাপন তাঁত বিহু

টীয়ক, 17 এপ্ৰিল : সমগ্ৰ ৰাজ্যবাসীয়ে ব’হাগৰ তৃতীয় দিনটো তাঁত বিহু হিচাপে উদযাপন কৰে ৷ সাত বিহুৰ পৰম্পৰা ৰক্ষা(Rangali Bihu 2022) কৰি টীয়কৰ মুদৈজান ভৰলুৱা গাঁৱৰ একাংশ শিপিনী গোট খাই উদযাপন(Tat Bihu celebrations at Teok) কৰিছে চেনেহৰ এই বিহুটি ৷ বিশেষকৈ গ্ৰামাঞ্চলৰ মহিলাসকলৰ বাবে এই বিহুৰ তাৎপৰ্য অধিক ৷

তাঁতখনতেই অসমীয়া সমাজৰ মহিলাই অনাগত দিনবোৰৰ ৰঙীণ সপোন ৰচে, বিশেষকৈ ব’হাগৰ আগমণৰ লগে লগে আপোনজনলৈ বুলি বিহুৱান, ৰুমাল আদি নিজ হাতেৰে বৈ উপহাৰ দিয়ে ৷ সেয়ে এই দিনটোত শিপিনীসকলে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি পুৱা একগোট হৈ তাঁতশাল চাফ-চিকুণ কৰি এগছি বন্তি, ধূপ জ্বলাই অনাগত দিনবোৰ যাতে সকলোৰে ভালদৰে পাৰ হয়, তাৰ কামনা কৰে ৷

ভৰলুৱা গাঁৱত উদযাপন তাঁত বিহু

উল্লেখযোগ্য যে, মহিলাসকলে নিজ হাতেৰে বছৰ বছৰ ধৰি চাদৰ, গামোচা, ৰুমালকে ধৰি বিভিন্ন প্ৰয়োজনীয় বস্ত্ৰ বৈ আহিছে আৰু সময় সাপেক্ষে বজাৰলৈও উলিয়াই দিছে ৷ বৰ্তমান বজাৰত উপলব্ধ বহিৰাগত গামোচা তথা বস্ত্ৰই এইসকল পৰম্পৰা ৰক্ষা কৰা তথা তাঁতশালখনকে স্বাৱলম্বিতাৰ পথ হিচাপে লোৱা মহিলাৰ স্বাভিমানত আঘাত হানিছে ৷ সেয়ে এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে শিপিনীসকলে, যাতে বাহিৰৰ পৰা অহা গামোচাৰ সলনি থলুৱা গামোচাই ৰাজ্যৰ বজাৰ দখল কৰিব পাৰে ৷

লগতে চাওক: নাৰেংগীত প্ৰাগজ্যোতিষপুৰ ব’হাগী উৎসৱ সমিতিৰ মুকলি বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.