ETV Bharat / state

কাগজৰ ঠোঙা লৈ টীয়কৰ শিক্ষাৰ্থীয়ে কি কৰিলে

টীয়কত একাংশ শিক্ষাৰ্থীৰ অভিনৱ পদক্ষেপ ৷ চহৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত বিনামূলীয়াকৈ বিতৰণ কৰিলে নিজ হাতেৰে প্ৰস্তুত কৰা কাগজৰ ঠোঙা ৷

author img

By

Published : May 5, 2019, 4:13 PM IST

টীয়কৰ ৰাজপথত এজাক শিক্ষাৰ্থী

টীয়ক, 5 মে' : দেওবাৰে স্কুলীয়া পোছাক পৰিধান কৰি হাতত কাগজৰ ঠোঙা লৈ টীয়ক চহৰত পিতপিতাই ফুৰিছে একাংশ শিক্ষাৰ্থী ৷ এক মহৎ উদ্দ্যেশ্য আগত লৈ চহৰখনৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰিছে টীয়কৰ আগশাৰীৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় বেন গাৰ্ডেন হাইস্কুলৰ এইসকল শিক্ষাৰ্থী ৷ চহৰৰখনৰ দোকান অৰ্থাৎ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈ গৈ বিনামূলীয়াকৈ বিলাইছে কাগজৰ ঠোঙা ৷ নিজ হাতেৰেই প্ৰায় 5000 কাগজৰ ঠোঙা নিৰ্মাণ কৰি দোকানে দোকানে বিতৰণৰ দ্বাৰা প্লাষ্টিক বৰ্জনৰ এক অভিনৱ প্ৰচাৰ চলাইছে ছাত্ৰ-ছাত্ৰীসকলে ....

আকৌ চাওক নিৰ্বাচনী হিংসা : জম্মু-কাশ্মীৰত দুৰ্বৃত্তই জ্বলালে ভোটগ্ৰহণ কেন্দ্ৰ

Intro:Body:টীয়কৰ বেন গাৰ্ডেন হাইস্কুলৰ আদৰণীয় পদক্ষেপ
Teok:টীয়কৰ অন্যতম আগশাৰীৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় বেন গাৰ্ডেন হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে টীয়ক নগৰ বিভিন্ন ব্যৱসায়িক প্ৰতিস্হানসমূহত বিনামূলীয়াকৈ নিজ হাতেৰে পেলনীয়া বাতৰি কাকতৰে নিৰ্মিত থোঙা বিতৰণ কৰি প্লাষ্টিক বৰ্জনৰ এক অভিনৱ প্ৰচাৰ কাৰ্যসূচী গ্ৰহণ কৰে।ছাত্ৰ ছাত্ৰীসকলে দোকানে দোকানে সুমাই দোকানীসকলৰ হাতত তেওঁলোকে নিজ হাতেৰে তৈয়াৰ কৰি উলিওৱা প্ৰায় পাঁচ হাজাৰৰ অধিক কাগজৰ থোঙাবোৰ বিতৰণ কৰি প্লাষ্টিক ব্যৱহাৰৰ ভয়াবহতাৰ ওপৰত বুজাবলৈ চেষ্টা চলায়।এই সমগ্ৰ কাৰ্যসূচীত বিদ্যালয়খনৰ শিক্ষকসকলেও সহযোগিতা আগ বঢ়ায়।বেন গাৰ্ডেন হাইস্কুলৰ এই পদক্ষেপে টীয়কৰ ব্যৱসায়ী তথা জনতাৰ ইতিবাচক সহাৰি লাভ কৰা পৰিলক্ষিত হৈছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.