টীয়ক, 17 জুন: যি সময়ত ৰাজ্যৰ শিক্ষা বিভাগে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শূণ্য ফলাফল দেখুওৱা বিদ্যালয়লৈ কাৰণ দৰ্শাবলৈ জাননী জাৰি কৰিছে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ফলাফলৰ বাবে আওপকীয়াকৈ সাংবাদিকসকলক জগৰীয়া কৰিব বিচাৰিছে তেনে সময়তে শিক্ষাৰ মূল ভেটি গঢ় লোৱা টীয়কৰ এখন প্ৰাথমিক বিদ্যালয়ত বিগত পাঁচ দিনে শিক্ষাৰ পৰা বঞ্চিত হৈছে কণ-কণ ছাত্ৰ-ছাত্ৰীসকল ।
এই দৃশ্য পূৱ যোৰহাট প্ৰাথমিক শিক্ষা খণ্ডৰ হুছেইন চাপৰি প্ৰাথমিক বিদ্যালয়ৰ (Hussain Chapori Primary School) । অভিভাৱকসকলে জানিবলৈ দিয়া মতে, ২৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা এই বিদ্যালয়ৰখনৰ একমাত্ৰ শিক্ষকগৰাকী বিগত 11 জুনত দুৰ্ঘটনাত পতিত হয় । ফলত শিক্ষকগৰাকীয়ে ছুটী লবলৈ বাধ্য হয় । কিন্তু বিগত পাঁচটা দিনে এই বিদ্যালয়ত এগৰাকী শিক্ষককো সাময়িকভাৱে নিযুক্তি দিয়া নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে (Students deprive of classes while the single teacher met accident) ।
প্ৰত্যেক দিনে বিদ্যালয়লৈ আহিছে ছাত্ৰ-ছাত্ৰীসকল আৰু নিজে যি পাৰে পঢ়ি বিদায় লৈছে বিদ্যালয়ৰ পৰা । গুণোৎসৱৰ পূৰ্বে এই বিদ্যালয়লৈ চি, আৰ, চি, চি, কে ধৰি বিভিন্ন পৰ্যায়ৰ বিষয়া আহিল, কিন্তু এতিয়া এই বিদ্যালয়খনত বিভাগটোৰ কোনো এজন বিষয়াৰ দেখাদেখি নাই বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷
শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত এই শিশুসকলৰ অভিভাৱকসকল ক্ষোভিত হৈ পৰিছে আৰু মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক এই ক্ষেত্ৰত অতি সোনকালে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক: বাৰটা সেৱাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ই-সেৱা পৰ্টেল মুকলি