ETV Bharat / state

Student Protest at Teok: খেল মহাৰণৰ বিষয়ে সামাজিক মাধ্যমত মনৰ কথা লিখি বিপদত প্ৰধান শিক্ষক

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 4:23 PM IST

খেল মহাৰণৰ বিৰুদ্ধে সামাজিক মাধ্যমত পোষ্ট দি টীয়কত নিলম্বিত হ'ল চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৷ শিক্ষা বিভাগৰ বিৰুদ্ধে টীয়কত ৰাইজৰ প্ৰতিবাদ ৷

Student Protest at Teok
খেল মহাৰণৰ বিষয়ে সামাজিক মাধ্যমত মনৰ কথা লিখি বিপদত প্ৰধান শিক্ষক

টীয়ক, 8 নৱেম্বৰ : চৰকাৰী বিদ্যালয়ৰ শিক্ষক মানেই বাক স্বাধীনতা বিসৰ্জন দিব লাগিব নেকি ! সামজিক মাধ্যমত নিজৰ মনৰ ভাব প্ৰকাশ কৰাৰ অধিকাৰ হেৰুৱাই পেলাই নেকি চৰকাৰী বিদ্যালয়ত কৰ্মৰত শিক্ষকে ! এইবাৰ সামাজিক মাধ্যমত এটা পোষ্ট দি বিপদত পৰিল এগৰাকী প্ৰধান শিক্ষক ৷

খেলৰ প্ৰতি যাতে যুৱ প্ৰজন্ম আগ্ৰহ জন্মে আৰু গাঁৱে-ভূঁৱে প্ৰতিভাৱান খেলুৱৈক এখন মঞ্চ দিয়াৰ উদ্যেশেৰে ৰাজ্য চৰকাৰে আয়োজন কৰিছে খেল মহাৰণ ৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰিয়ে প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে খেল মহাৰণ ৷ ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰিছে খেল মহাৰণত ৷ কিন্তু ৰাজ্যৰ কিমান সংখ্যক খেলপথাৰ উপযুক্ত হৈ আছে এই সন্দৰ্ভত চৰকাৰৰ হাতত কিবা তথ্য আছেনে !

এইসমূহ কথাকে সামাজিক মাধ্যমত লিখাৰ বাবে শিক্ষা বিভাগৰ ৰোষত পৰিব লগা হ’ল এজন প্ৰধান শিক্ষক ৷ উল্লেখ্য যে, অনুপযুক্ত খেলপথাৰত খেল মহাৰণ অনুষ্ঠিত কৰাৰ বাবে বহু খেলুৱৈৰূপী ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত হৈছে ৷ সেই কথাকে টীয়কৰ শংকৰদেৱ বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক গজেন ফুকনক সামাজিক মাধ্যমত লিখিছিল ৷

তাৰ পাচতে শিক্ষা বিভাগৰ পৰা নিলম্বন পত্ৰ লাভ কৰে প্ৰধান শিক্ষক ফুকনে ৷ এই ঘটনাৰ পাচতে সমগ্ৰ অঞ্চলটো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সেয়ে বুধবাৰে ছাত্ৰীসকলৰ অভিভাৱক আৰু স্থানীয় ৰাইজৰ মাজত অনুষ্ঠিত হয় এক সভা ৷ উক্ত সভাতে প্ৰধান শিক্ষকগৰকীক নিলম্বন প্ৰত্যাহৰ কৰাৰ দাবী জনাই ৰাইজে ৷ আনহাতে শিক্ষা বিভাগৰ এনে কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে ৷

ৰাইজৰ অভিযোগ যে, তামুলিছিগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ উন্নয়নৰ বাবে বিশ লাখ টকাৰ আবন্টন দিছিল ৷ কিন্তু খেলপথাৰখনৰ উন্নয়ন নহ’ল ৷ কাৰণ খেল মহাৰণ অনুষ্ঠিত হৈছে তামুলিছিগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাত ৷ সেয়ে তামুলিছিগা বিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ৷ কিন্তু প্ৰধান শিক্ষক গজেন ফুকনক আক্ৰোশমূলকভাৱে নিলম্বন কৰা হৈছে বুলি মন্তব্য কৰে ৰাইজে ৷

লগতে পঢ়ক:Tea worker injured : মৰিয়নী দিচৈ চাহ বাগিচাত অঘটন; কলঘৰৰ পুৰণি কলীয়া মেচিন পৰি আঘাতপ্ৰাপ্ত শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.