ETV Bharat / state

চৰকাৰী নিৰ্দেশ নমনা অট্টালিকাৰ বিৰুদ্ধে কঠোৰ যোৰহাট জিলা প্ৰশাসন - চৰকাৰী নিৰ্দেশ নমনা অট্টালিকাৰ বিৰুদ্ধে কঠোৰ যোৰহাট জিলা প্ৰশাসন

যোৰহাটত বিশেষ টাস্ক ফ’ৰ্চ গঠন । চৰকাৰী নীতি-নিৰ্দেশনা নমনা একাংশ অট্টালিকাৰ বিৰুদ্ধে গঠন কৰা হৈছে এই ফ’ৰ্চ ৷ যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত অগ্নি নিৰ্বাপক বাহিনী, দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, বিদ্যুৎ বিভাগ, টাউন পৰিকল্পনা বিভাগৰ সদস্যৰে সন্মিলিতভাৱে এই বিশেষ টাক্স ফ’ৰ্চ গঠন কৰা হয় ।

Strict administration against who denied to follow government directives in making of buildings jorhat assam etv bharat news
যোৰহাট জিলা প্ৰশাসনৰ বিশেষ অভিযান
author img

By

Published : Aug 19, 2020, 8:35 PM IST

যোৰহাট,19 আগষ্ট: বিগত কিছুদিন পূৰ্বে যোৰহাট চহৰত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছিল দুগৰাকী ব্যক্তিয়ে ৷ লগতে জুইত জাহ গৈছিল কেইবাকোটি টকাৰ সা-সম্পত্তি ৷ এই ঘটনাৰ পিছত যোৰহাট জিলা প্ৰশাসনে গঠন কৰে এক বিশেষ টাস্ক ফ’ৰ্চ । বুধবাৰে যোৰহাটৰ বিভিন্ন অঞ্চলত নীতি বৰ্হিভূতভাৱে নিৰ্মাণ হোৱা প্ৰায় ৬০ টা এনে অট্টালিকা চিনাক্ত কৰে এই বিশেষ ফ’ৰ্চটোৱে । বিশেষকৈ মাৰোৱাৰী পট্টি, পুৰণি বালিবাট মাৰোৱাৰী পট্টি আদি অঞ্চলত বিশেষভাৱে নিৰীক্ষণ কৰাত পোহৰলৈ আহে এক ভয়ংকৰ ছবি । বিশেষকৈ পুৰণি বালিবাট অঞ্চলৰ বেৰিয়া বিল্ডিঙৰ দৃশ্য দেখি চকু কপালত উঠে টাস্ক ফ’ৰ্চৰ ৷ প্ৰায় ৫০০ লোকে সম্প্ৰতি এই বৃহৎ অট্টালিকাত ভাড়াতীয়া হিচাপে বাস কৰি আছে ৷ কিন্তু উক্ত অট্টালিকাত নাই কোনো ধৰণৰ অগ্নি নিৰ্বাপণৰ ব্যৱস্থাৰ উপৰিও বিদ্যুৎ বিভাগৰ সু-ব্যৱস্থা ।

যোৰহাট জিলা প্ৰশাসনৰ বিশেষ অভিযান

এই ফ’ৰ্চে বিধিসংগতভাৱে নিৰ্মাণ নকৰা, সুৰক্ষাৰ দিশত দুৰ্বল যি অট্টালিকা আছে, তেনে বাসগৃহবোৰ চিনাক্ত কৰি উলিয়াই বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব । উল্লেখ্য যে, যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত অগ্নি নিৰ্বাপক বাহিনী, দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, বিদ্যুৎ বিভাগ, টাউন পৰিকল্পনা বিভাগৰ সদস্যৰে সন্মিলিতভাৱে এই বিশেষ টাক্স ফ’ৰ্চ গঠন কৰা হয় ।

লগতে চাওকঃ দেওজাৰা নৈত মাছ মাৰিবলৈ গৈ সলিল সমাধি যুৱকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.