ETV Bharat / state

প্ৰদূষণে ভাবুকি কঢ়িয়াই আনিছে যোৰহাটৰ ভোগদৈ নদীলৈ

author img

By

Published : Mar 11, 2020, 10:10 PM IST

যোৰহাটৰ ভোগদৈ নদী নহৈ যেন এটা জাৱৰ পেলোৱা খাল ৷ আহৰি নাই যোৰহাট পৌৰসভাৰ ৷ পৌৰসভাক লৈ অতিষ্ঠ যোৰহাটবাসী ৷

Story of Bhogdoi river pollution Jorhat Assam etv bharat news
প্ৰদূষণ

যোৰহাট,11 মাৰ্চঃ যোৰহাট চহৰৰ মাজৰে বৈ যোৱা ভোগদৈ নদীৰ চৌপাশৰ পৰিৱেশ এতিয়া যথেষ্ঠ দূষিত ৷ বাৰিষা পানীৰে উপচি থকা ভোগদৈ সম্প্ৰতি নদীৰ সলনি জাৱৰ নিষ্কাশন কৰা এক খাললৈ পৰিণত হৈছে ৷ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত বহা বিজেপি চৰকাৰে নদীপূজাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আহিছে । নদীক মাতৃৰ লগত তুলনা কৰি অনুষ্ঠিত কৰি আহিছে ব্ৰহ্মপুত্ৰ পূজন । কিন্তু এই পূজাৰ উপ নদীসমূহৰ ক্ষেত্ৰত যে কোনো মূল্য নাই তাৰ জ্বলন্ত প্ৰমাণ পোৱা দেখা গ’ল যোৰহাটৰ আয়ুসৰেখা স্বৰূপ ভোগদৈ নদীৰ ক্ষেত্ৰত ।

Story of Bhogdoi river pollution Jorhat Assam etv bharat news
প্ৰদূষণৰ মাত্ৰা বৃদ্ধি

একাংশ কাণ্ডজ্ঞানহীন লোকৰ বাবে সম্প্ৰতি ভোগদৈ নৈ পৰিণত হৈছে জাৱৰ নিষ্কাশন কৰা খাললৈ । চহৰখনৰ পূজাদুবী অঞ্চলৰ পৰা ভোগদৈ দলঙলৈকে নদীখনৰ অৱস্থা শোচনীয় হৈ পৰা দেখা গৈছে ৷ ফলত অপৰিষ্কাৰ আৰু দূষিত হৈ পৰিছে নদীখনৰ পানী । এসময়ত নদীখনৰ পানী খাই জীৱন নিৰ্বাহ কৰা যোৰহাটৰ ৰাইজে এতিয়া এই পানী ব্যৱহাৰ কৰিবলৈ আশংকা প্ৰকাশ কৰে । ইপিনে, বিষয়টো সন্দৰ্ভত স্বচ্ছতাৰ শ্লোগান দিয়া বিজেপি নেতৃত্বাধীন যোৰহাট পৌৰসভাৰ নাই কোনো গুৰুত্ব ।

জাৱৰ পেলোৱা খালত পৰিণত ভোগদৈ নৈ

লগতে চাওকঃ1 কেজি কেঁচা চাহপাতৰ মূল্য 1 লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.