ETV Bharat / state

জীৱনৰ দুটা দশক পৰিৱেশ সজাগতাৰ বাবে উচৰ্গিত কৰা ব্যক্তিজন - বিশ্ব পৰিৱেশ দিৱস

আজি বিশ্ব পৰিৱেশ দিৱস ৷ সমগ্ৰ বিশ্বৰ লগতে অসমতো বহুজনে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছে । কিন্তু, টীয়কৰ বিজু শৰ্মা নামৰ লোকজনৰ বাবে প্ৰতিটো দিনেই পৰিৱেশ দিৱস । ২০০২ চনৰ পিছৰে পৰা আজিকোপতি প্ৰায় ২০,০০০ পুলি নিজ হাতে ৰোপণ আৰু প্ৰায় ৫,০০,০০০ ৰো অধিক পুলি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত বিলাই পৰিৱেশ সজাগতাৰ বাবে অৱদান আগবঢ়াইছে লোকজনে ৷

story of an environmental warrior from teok assam
জীৱনৰ দুটা দশক পৰিৱেশ সজাগতাৰ বাবে উচৰ্গিত কৰা ব্যক্তিজন
author img

By

Published : Jun 5, 2021, 12:53 PM IST

টীয়ক,5 জুন: সমগ্ৰ বিশ্বত 5 জুন তাৰিখটো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস (world environment day ) হিচাপে ৷ কিন্তু সমগ্ৰ বিশ্বই পালন কৰা আজিৰ বিশ্ব পৰিৱেশ দিৱসটোৰ লগতে এগৰাকী অসমীয়া ব্যক্তিৰ বাবে প্ৰায় প্ৰতিটো দিনেই একধৰণৰ পৰিৱেশ দিৱস ৷ সেউজী ধৰণি ধুনীয়া, গছ থাকিলেহে মানুহ থাকিব কথাষাৰ সাৰোগত কৰি ২০১৪ চনৰে পৰা প্ৰতিটো দিনতে গছপুলি ৰোপণ বা বিলাই দিন অতিবাহিত কৰা এজন ব্যতিক্ৰমী ব্যক্তি টীয়কৰ মৰিজাঁজীৰ বিজু কুমাৰ শৰ্মা । উচ্চ শিক্ষা তথা কৰ্মসূত্ৰে বহু বছৰ গুৱাহাটী মহানগৰীত থাকি ঘৰুৱা অসুবিধাৰ বাবে ২০০২ চনত ঘৰলৈ ঘূৰি আহিছিল তেওঁ ৷

কিন্তু, সুদীৰ্ঘকাল কংক্ৰিটৰ মহানগৰীত থাকি গাঁৱৰ সেউজীয়া পৰিৱেশত দিন কটাবলৈ ইচ্ছা কৰিও তেনে পৰিৱেশ গ্ৰামাঞ্চলসমূহৰ পৰা হেৰাই যোৱাৰ উপক্ৰম ঘটা পৰিলক্ষিত কৰি গাঁৱৰ পূৰ্বৰ সেউজ পৰিৱেশ ঘূৰাই আনিবলৈ নিজৰ কৰ্মব্যস্ততা সকলো ত্যাগ কৰি তেতিয়াৰে পৰাই প্ৰথমে নিজৰ চুবুৰীত বিভিন্ন ফল-মূল, ঔষধজাত গছপুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিলে ।

পৰবৰ্তী সময়ত শৰ্মাই নিজৰ কেইবাগৰাকীও বন্ধুৰ সৈতে লগ হৈ ’ৰেঙণি এটি আশা ’ নামেৰে এক স্বেচ্ছাসেৱী অনুষ্ঠানৰ জন্ম দিয়ে ৷ উল্লেখযোগ্য যে, বৰ্তমান পৰ্যন্ত অহৰহ প্ৰায় ২০,০০০ পুলি নিজ হাতে ৰোপণ আৰু প্ৰায় ৫,০০,০০০ ৰো অধিক পুলি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত বিলাই পৰিৱেশ সজাগতাত ব্যস্ত হৈ পৰিছে শৰ্মা । ফলস্বৰূপে শৰ্মাই ইতিমধ্যে বিভিন্ন ৰাজ্যিক তথা ৰাষ্ট্ৰীয় সন্মান বুটলিবলৈকো সক্ষম হৈছে । সমগ্ৰ জিলাখনৰ লগতে মাজুলী, শিৱসাগৰ, গোলাঘাট আদি জিলাতো তেওঁ ইতিমধ্যে গছপুলি ৰোপণৰ কাৰ্যসূচী আৰম্ভ কৰিছে ৷

বিজু শৰ্মাই ইষ্ট-কুটুম্ব, বন্ধুবৰ্গ সকলোকে তেওঁলোকৰ বিশেষ গুৰুত্বপূৰ্ণ দিনসমূহত একোটাকৈ মূল্যবান গছপুলি উপহাৰ হিচাপে প্ৰদান কৰাৰ লগতে বিশেষ ঐতিহাসিক দিনবোৰত বিভিন্নজনক গছপুলি প্ৰদান কৰি আত্মসন্তুষ্টি লাভ কৰে বুলি মন্তব্য কৰিছে । ইপিনে পৰিয়ালৰ সমস্ত দায়িত্ব পত্নীৰ হাতত অৰ্পণ কৰি নিতৌ মটৰ চাইকেলখনতে গছপুলি বান্ধি লৈ ঘৰে ঘৰে অনুষ্ঠানে-প্ৰতিষ্ঠানে বিলাই ফুৰা শৰ্মাক এইক্ষেত্ৰত পৰিয়ালে সম্পূৰ্ণ সহযোগিতা আগবঢ়াই এই পদক্ষেপত অতি গৌৰৱাম্বিত বুলি মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : ব্লেক ফাংগাছ সন্দৰ্ভত ডাঃ ডিনা ৰাজাৰ ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.