টীয়ক,5 ছেপ্টেম্বৰ: আজি শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী(574th Avirbhav tithi of Srimanta Sankardev) ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আর্বিভাব তিথি উপলক্ষে হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ উচ্চ-নীচ, জাতি-জনজাতি, ভাষা-সংস্কৃতি, বিভিন্ন ধৰ্মীয় পন্থাৰ মাজত থকা বৈসম্যতা আঁতৰায় এখন সাম্যৰ সমাজ প্ৰতিষ্ঠাত মহাপুৰুষজনাৰ অৱদান অপৰিসীম ৷
মহাপুৰুষজনাৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে পালন কৰা হৈছে ৷ একেদৰে টীয়কৰ ঐতিহাসিক ঢেঁকীয়াখোৱা বৰনামঘৰত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে মহাপুৰুষজনাৰ আৱিৰ্ভাৱ তিথি(Avirbhav tithi of Srimanta Sankardev celebrated in Teok) । অনুষ্ঠানৰ আৰম্ভণিতে উদ্যোক্তাসকলে ভাগৱত ভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰিছে যি কাৰ্যসূচীত ঢেঁকীয়াখোৱাবাসী ৰাইজ তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰিছে ।
লগতে, নামঘৰ পৰিচালনা সমিতিয়ে প্ৰতিষ্ঠা কৰা মাধৱদেৱ সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে গুৰুজনাৰ অমৰ সৃষ্টি বৰগীত,খোলবাদন তথা স্থানীয় ৰাইজৰ দিহানামৰ ধ্বনিৰে জীপাল কৰি তুলিছে নামঘৰ চৌহদ(Srimanta Sankardev avirbhav tithi in Dhekiakhuwa Bornamghor)। মহাপুৰুষজনাৰ আৱিৰ্ভাৱ তিথিৰ সৈতে সংগতি ৰাখি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ ঢেঁকীয়াখোৱা বৰনামঘৰৰ জন্মজয়ন্তী কাৰ্যসূচীত নিশালৈ ভাওনা প্ৰদৰ্শিত হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তা সমিতিয়ে ৷
লগতে পঢ়ক: বড়ো সংগ্ৰামী নেতা তথা তিনিবাৰৰ বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ শেষকৃত্য সম্পন্ন