ETV Bharat / state

গণহত্যাৰ বিৰুদ্ধে সৰৱ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত - অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত

বিশেষ কাৰ্যসূচীৰে সোমবাৰে যোৰহাটত উপস্থিত হৈ এক সংবাদমেল সম্বোধন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ সঞ্চালক প্ৰধান গৰাকীয়ে সংবাদমেলৰ জৰিয়তে গণহত্যাৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণেৰে দোষীক কৰায়ত্ত কৰাতে ক্ষান্ত নাথাকি সঠিক চাৰ্জ শ্বীট দাখিলৰ পোষকতা কৰে ৷

special meeting and pressmeet of  dgp of assam police jorhat assam etv bharat news
সংবাদমেল সম্বোধন আৰক্ষী সঞ্চালক প্ৰধানৰ
author img

By

Published : Jun 22, 2020, 7:32 PM IST

যোৰহাট,22 জুন: সোমবাৰে যোৰহাটত বিশেষ কাৰ্যসূচীৰে উপস্থিত হৈছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ জিলাখনৰ আৱৰ্ত ভৱনত এক সংবাদমেল সম্বোধন কৰি গণহত্যাৰ দৰে ঘটনাৰ বিৰুদ্ধে সৰৱ হৈ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে দোষীক কৰায়ত্ত কৰাৰ সমান্তৰালকৈ সঠিক চাৰ্জশ্বীট দাখিলৰ সপক্ষে যুক্তি আগবঢ়ায় ৷ এইক্ষেত্ৰত পূৰ্বে সংঘটিত কেইবাটাও গণহত্যাৰ ঘটনা উত্থাপন কৰি দোষীক শাস্তি দিয়াৰ পক্ষে সৰৱ হৈ পৰে মহন্ত ৷

উল্লেখ্য যে, ডিব্ৰুগড়ৰ লেজাই কাণ্ডৰ বিৰুদ্ধে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি অভিযুক্তক কৰায়ত্ত কৰাৰ লগতে একাধিক তথ্য লাভৰ কৰিছে অসম আৰক্ষীয়ে ৷ তদুপৰি কৰ’ণা ভাইৰাছৰ বাবে টীয়কৰ উন্মাদ জনতাৰ আক্ৰমণৰ বলি হোৱা ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ডৰ তদন্তত কিছু লেহেমীয়া হোৱাৰ কথা স্বীকাৰ কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৷ ইফালে, মৰিয়নীৰ গাভৰু চাহ বাগিচাৰ গণ আক্ৰমণৰ বলি হৈ মৃত্য়ুক সাৱটি লোৱা দেৱাশীষ গগৈৰ হত্য়াৰ তদন্ত শেষ পৰ্যায়ত আছে ৷ লগতে তিতাবৰৰ বৰহোলাৰ যুৱক জয়ন্ত বৰাৰ সেনাৰ জিম্মাত হোৱা আকস্মিক মৃত্য়ুৰ তদন্ত অব্যাহত থকাৰ কথা প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ উল্লেখ্য যে, এই আটাইকেইটা গোচৰৰ তদাৰকৰ দায়িত্বত আছে অসম আৰক্ষীৰ বিশেষ দল ৷

গণহত্যাৰ বিৰুদ্ধে সৰৱ আৰক্ষী সঞ্চালক প্ৰধান

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে যোৰহাটত উপস্থিত হৈ জিলাখনৰ সকলো পৰ্যায়ৰ আৰক্ষীৰ মনৰ বুজ লোৱাৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে ৷

লগতে চাওকঃ মদনপুৰ টোলগেটক লৈ ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.