ETV Bharat / state

Lieutenant General Rana Pratap Kalita: যোৰহাটত সেনাৰ বিশেষ অনুষ্ঠানত অংশ গ্ৰহণ লেঃ জেঃ ৰাণা প্ৰতাপ কলিতাৰ - বীৰত্ব আৰু বিশিষ্ট সেৱা বঁটাৰে

যোৰহাটত উপস্থিত সেনা বাহিনীৰ বিশেষ অনুষ্ঠানত লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ৷ ভাৰতীয় সেনাৰ জোৱানসকলক বীৰত্ব আৰু বিশিষ্ট সেৱা বঁটাৰে সন্মান জনোৱাৰ উদ্দেশ্যে যোৰহাটত প্ৰথমবাৰৰ বাবে এক বিশেষ সাহসিকতাৰ বঁটা আৰু সন্মান প্ৰদান অনুষ্ঠান ২০২৩ (Special Bravery Awards and Honors Ceremony) অনুষ্ঠিত কৰা হৈছে ৷

Lieutenant General Rana Pratap Kalita in Jorhat
যোৰহাট সেনা বাহিনীৰ বিশেষ অনুষ্ঠানত লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা
author img

By

Published : Feb 22, 2023, 6:54 PM IST

যোৰহাট সেনা বাহিনীৰ বিশেষ অনুষ্ঠানত লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা

যোৰহাট, 22 ফেব্ৰুৱাৰী: বুধবাৰে ভাৰতীয় সেনাৰ জোৱানসকলক বীৰত্ব আৰু বিশিষ্ট সেৱা বঁটাৰে সন্মান জনোৱাৰ উদ্দেশ্যে যোৰহাটত প্ৰথমবাৰৰ বাবে সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ উদোগত এক বিশেষ সাহসিকতাৰ বঁটা আৰু সন্মান প্ৰদান অনুষ্ঠান ২০২৩ (Special Bravery Awards and Honors Ceremony) আয়োজন কৰা হৈছে ৷ যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ইষ্টাৰ্ণ কামাণ্ডৰ GOC-IN-C লেফটেনেণ্ট জেনেৰেল ৰানা প্ৰতাপ কলিতা উপস্থিত হয় (Lieutenant General Rana Pratap Kalita) ৷

এই অনুষ্ঠানত ইষ্টাৰ্ণ কমাণ্ডৰ GOC-IN-C লেফটেনেণ্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাই ভাৰতীয় সেনাৰ বীৰ তথা সাহসী বিষয়া আৰু জোৱান সকলক বীৰত্ব আৰু বিশিষ্ট সেৱা বঁটা, যুদ্ধ সেৱা মেডেল, সেনা মেডেল, বিশিষ্ট সেৱা মেডেল প্ৰদান কৰা হয় ৷

এই বিশেষ অনুষ্ঠানৰ লগত সংগতি ৰাখি যোৰহাটত প্ৰথমবাৰৰ বাবে ইষ্টাৰ্ণ কামাণ্ড বিনিয়োগ অনুষ্ঠান ২০২৩ অনুষ্ঠিত কৰা হয় ৷ যোৱা 21 ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই বিনিয়োগ অনুষ্ঠানত "নিজৰ সেনাক চিনি লওক: সঁজুলি প্ৰদৰ্শন"ৰ শীৰ্ষক এক প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত কৰে ৷ এই প্ৰদৰ্শনী অনুষ্ঠানত সেনা বাহিনীৰ সঁজুলি প্ৰদৰ্শনৰ মূল উদ্দেশ্য হৈছে যোৰহাটৰ যুৱক-যুৱতী আৰু শিশুসকলক উৎসাহিত কৰাৰ লগতে ভাৰতীয় সেনাৰ শক্তি আৰু সামৰ্থ প্ৰদৰ্শন কৰা ৷

প্ৰদৰ্শনী অনুষ্ঠানটোত স্থানীয় জনসাধাৰণৰ বাবে ইনফেণ্ট্ৰি অস্ত্ৰ, যুদ্ধ বাহন, যোগাযোগ ব্যৱস্থা, আৰ্টিলাৰী গান, এয়াৰ ডিফেন্স গান, ৰাডাৰ আৰু হেলিকপ্টাৰ আদিৰ পৰা আৰম্ভ কৰি সামৰিক সঁজুলিৰ এক বৃহৎ বিভাজন প্ৰদৰ্শিত কৰা হৈছে ৷ এই অনুষ্ঠানটোত যুৱক-যুৱতী, বিদ্যালয়ৰ শিশু, কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে এনচিচিৰ কেডেটসকলেও অংশগ্ৰহণ কৰে ৷

ইয়াৰোপৰি এই অনুষ্ঠানৰ জৰিয়তে যোৰহাট চহৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহক দেশৰ সামৰিক শক্তি আৰু সশস্ত্ৰ বাহিনীৰ নীতি-নিয়ম বুজিবলৈ এক অনন্য সুযোগ প্ৰদান কৰা হৈছে ৷ আনহাতে এনেদৰে কৰা সামৰিক বাহিনীৰ সঁজুলি প্ৰদৰ্শনে বহু যুৱক-যুৱতীক সেনাবাহিনীত যোগদানৰ বাবে প্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

উল্লেখ্য যে, যোৰহাট ষ্টেডিয়াম খেল পথাৰত অনুষ্ঠিত কৰা সেনা প্ৰদৰ্শনী অনুষ্ঠান চাবলৈ পুৱাৰ পৰাই দৰ্শক ভীৰ অভাৱনীয় হাৰত দেখিবলৈ পোৱা গৈছে ৷ কাহানিও নেদেখা সেনাৰ এই যুদ্ধ সা-সঁজুলি হাতেৰে চুই চোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে অস্ত্ৰসমূহ কিদৰে চলাব লাগে তাৰো সেনা বাহিনীৰ জোৱানৰ পৰা আভাস লয় ৷

লগতে পঢ়ক: Swearing ceremony of Gulab chand kataria: অসমৰ ৰাজ্যপাল হিচাপে শপত ল’লে গুলাব চান্দ কাটাৰীয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.