ETV Bharat / state

সমাজকৰ্মী তুষাৰ পাললৈ ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডৰ মানৱতাৰ বঁটা - ইণ্ডিয়ান বুক অৱ ৰেকৰ্ড

ভিন্ন সামাজিক, সজাগতামূলক কামৰ বাবে টীয়কৰ সমাজকৰ্মী তুষাৰ পালে লাভ কৰে 2020 বৰ্ষৰ ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডৰ মানৱতাৰ বঁটা ৷

ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডৰ মানৱতাৰ বঁটা
ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডৰ মানৱতাৰ বঁটা
author img

By

Published : Oct 12, 2020, 3:28 PM IST

টীয়ক, 12 অক্টোবৰ: বিগত দহটা বছৰে সমাজৰ হকে অবিৰত সংগ্ৰাম কৰি অহা টীয়ক ৰাজহ চক্ৰৰ চেলেংহাট অঞ্চলনিবাসী তুষাৰ পাল ৷ প্ৰথমে শৰীৰ চৰ্চাৰ দ্বাৰা চেলেংহাটৰ দৰে গ্ৰামাঞ্চলৰ যুৱ-প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ পৰা আতৰাই ৰখাৰ চেষ্টা কৰিছিল সমাজকৰ্মী গৰাকীয়ে ৷ ২০১০ চনত ৰাষ্ট্ৰীয় শৰীৰ চৰ্চা প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাচত তেওঁ নিজ বাসগৃহতে শৰীৰ চৰ্চা কেন্দ্ৰ স্থাপন কৰি অঞ্চলটোৰ যুৱক-যুৱতী সকলক বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰিছিল ৷ তাৰ সমান্তৰালকৈ তুষাৰ পালে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অকলেই সংগ্ৰাম অব্যাহত ৰাখি ২০১৮ চনত সমগ্ৰ ৰাজ্যতে এক গণ স্বাক্ষৰ অভিযান চলাইছিল ৷

সমাজকৰ্মী তুষাৰ পাল
সমাজকৰ্মী তুষাৰ পাল

আপকু যোৰহাট জিলাৰ সহযোগত চলোৱা গণ স্বাক্ষৰ কাৰ্যসূচীত 20 শহস্ৰাধিকতকৈয়ো অধিক স্বাক্ষৰ সংগ্ৰহ কৰি বিধানসভাৰ অধ্যক্ষৰ যোগেদি প্ৰধানমন্ত্ৰীলৈ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল সমাজকৰ্মী গৰাকীয়ে ৷ শেহতীয়াকৈ কৰ'ণা মহামাৰী সম্বন্ধেও সজাগতা সৃষ্টিৰ বাবে তেওঁ টীয়কৰ বিভিন্ন অঞ্চলৰ লগতে চাহ বাগিছাসমূহত সজাগতামূলক অনুষ্ঠান কৰি সকলোকে সজাগ কৰিছিল ৷ নিজৰ গাঁঠিৰ ধন ভাঙি মাস্ক, চেনিটাইজাৰ বিতৰণ কৰিছিল ৷ তেওঁৰ সকলোবোৰ কৰ্ম দুখনকৈ চুটি চবি নিৰ্মাণ কৰি বাগিছা কৰ্তৃপক্ষই প্ৰদৰ্শন কৰিছিল ৷ যাৰ বাবে তেওঁ ২০২০ চনৰ ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডৰ মানৱতাৰ বঁটা লাভ কৰিছে ৷ ইতিপূৰ্বে তেওঁ নিজ কৰ্মৰাজিৰ বাবে ডঃ বি.আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটাকে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সন্মানো লাভ কৰিছে ৷

লগতে পঢ়ক: নাৰী সুৰক্ষাৰ বাবে বিশেষ 'KEY CHAIN' উদ্ভাৱন কানপুৰৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.