টীয়ক, 15 জুলাই : বিপদে লগ এৰা নাই যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ ৷ পুনৰ চাকৰিৰ পৰা বৰ্খাস্ত হ’ল যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ জিষ্টৰ 6 জন ঠিকাভিত্তিক কৰ্মচাৰীৰ ৷ এই নিৰ্দেশ জাৰি কৰিছে কাৰিকৰী সঞ্চালকালয়ে ৷
বৰ্খাস্ত কৰাৰ নিৰ্দেশ দিয়া কৰ্মচাৰী কেইজন ক্ৰমে হেমন্ত গগৈ, মানস প্ৰতিম গগৈ, ৰমেশ বৰা, ৰিমঝিম গগৈ, মুকুল গগৈ আৰু নিলু বাল্মিকী । ইয়াক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৰ্মচাৰীকেইজনে । ২০০৮ চনৰ পৰাই স্থানীয় এই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকেইজনে নিম্নতম পাৰিতোষিক লৈয়ে মহাবিদ্যালয়খনত নিজৰ দায়িত্ব পালন কৰি আহিছে ।
অৱশ্যে বিগত 2017 চনত মাত্ৰ তিনিমাহৰ বাবে কোষাগাৰৰ পৰা দৰমহা লাভ কৰিছিল ৷
এতিয়া পুনৰ কলেজ কৰ্তৃপক্ষৰ পৰাই দৰমহা প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰিছে । লগতে ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে শেহতীয়াকৈ তিনিমাহ দৰমহা লাভ কৰা নাই বুলিও অৱগত কৰিছে কৰ্মচাৰীকেইজনে । সেয়ে এইক্ষেত্ৰত ঊৰ্ধতম কৰ্তৃপক্ষক পূৰ্বে নিলম্বিত তিনিগৰাকীকৈ স্থায়ী কৰ্মচাৰীৰ সৈতে তেওঁলোকক নিমিলাই উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে বক্ৰপথৰে নিযুক্তি পোৱা নৱনীতা বৰঠাকুৰ, বিদ্যাৰ্থী বৰা আৰু অজন্তা দত্তক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল । সদৌ অসম ছাত্ৰ সন্থাৰ কাকজান আঞ্চলিকে মহাবিদ্যালয়খনৰ কৰ্মচাৰী নিযুক্তি তথা আন্তঃগাঁথনিকে ধৰি বহুক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক জিলা উপায়ুক্তৰ যোগেদি অভিযোগ দিছিল । সেই অভিযোগৰ ভিত্তিতে যোৱা জুন মাহত তিনিগৰাকীকৈ স্থায়ী আৰু বৰ্তমান ছয় গৰাকীকৈ ঠিকাভিত্তিক কৰ্মচাৰীক বৰ্খাস্ত কৰা হৈছে বুলি জানিব পৰা গৈছে ।
ইতিমধ্যে অধ্যক্ষগৰাকীলৈ কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ পৰা এই বৰ্খাস্ত সন্দৰ্ভত নিৰ্দেশনা প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে । সঞ্চালকালয়ৰ এই সিদ্ধান্ত এতিয়া ছাত্ৰ সন্থাই আদৰণি জনাই কেৱল নিযুক্তিৰ অনিয়মতে ব্যস্ত নাথাকি বাকী দুৰ্নীতিসমূহকো তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে ।
লগতে পঢ়ক: দেশজুৰি চৰ্চাত ডিব্ৰুগড়ৰ গৃহিনীৰ গ্ৰন্থ ‘Miles and Fears’