যোৰহাট, 27 ছেপ্টেম্বৰ : যোৰহাটস্থিত উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ড৹ বিনয় শইকীয়াই লাভ কৰিছে ২০২১ বৰ্ষৰ শান্তিস্বৰূপ ভাটনাগৰ বঁটা । ইয়াৰ লগতে দেশৰ বিজ্ঞান ক্ষেত্ৰখনৰ অন্যতম শীৰ্ষ স্থানীয় এই সন্মান লাভ কৰা পঞ্চমজন অসমীয়া বিজ্ঞানী হিচাপে পৰিগণিত হৈছে ড৹ বিনয় শইকীয়া ৷ ইতিমধ্যে বিজ্ঞানী জীতেন্দ্ৰ নাথ গোস্বামী, ভূপেন্দ্ৰ নাথ গোস্বামী, প্ৰবক্তা মিহিৰ কান্তি চৌধুৰী আৰু প্ৰশান্ত গোস্বামীয়ে লাভ কৰিছে এই বিশেষ বঁটা ।
![shanti swarup bhatnagar award to dr vinay kumar saikia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrt-27sep-bhatnagar-award-image-as10039_27092021081256_2709f_1632710576_958.jpg)
দিগদৰ্শী গৱেষণাৰে দেশৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ চমুকৈ CSIR য়ে ১৯৫৮ চনৰ পৰা বিজ্ঞানৰ সাতটা শাখাৰ প্ৰতিটো শাখাতে সৰ্বাধিক দুগৰাকীকৈ বিজ্ঞানীলৈ বিজ্ঞান গৱেষণাৰ পিতৃস্বৰূপ ড৹ শান্তিস্বৰূপ ভাটনাগৰৰ নামত এই বঁটা প্ৰদান কৰি আহিছে ।
![shanti swarup bhatnagar award to dr vinay kumar saikia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrt-27sep-bhatnagar-award-image-as10039_27092021081256_2709f_1632710576_136.jpg)
ভাৰতীয় বিজ্ঞান জগতৰ সৰ্বোচ্চ এই বঁটাৰ অৰ্থ মূল্য হৈছে ৫ লাখ টকা । আনহাতে বঁটা প্ৰাপকগৰাকীয়ে ৬৫ বছৰ বয়সলৈ মাহিলি ১৫ হাজাৰ টকা লাভ কৰিব । ৪৫ বছৰ তলৰ বিজ্ঞানীসকলক আগবঢ়োৱা হয় এই বঁটা । ICSIR য়ে নতুন দিল্লীত ঘোষণা কৰা এই বঁটাৰ তালিকাত অসমৰ বিজ্ঞানী ড৹ বিনয় শইকীয়াৰ নাম অন্তৰ্ভুক্ত হোৱাত স্বাভাৱিকতে ৰাজ্যখনলৈ আনন্দৰ বন্যা বৈছে ।
সাহিত্য জগতৰ জ্ঞানপীঠ বঁটাৰ দৰেই বিৰল এই স্বীকৃতি । ড৹ শইকীয়া ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহ-গতি বিজ্ঞান শাখাত এই বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া বিজ্ঞানী । গোলাঘাট জিলাৰ জোনাকী নগৰত জন্মগ্ৰহণ কৰা ড৹ শইকীয়াই গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল । ২০১১ চনত যোৰহাটস্থিত উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত পলিমাৰ পেট্ৰ’লিয়াম আৰু কয়লা ৰসায়ন গোটৰ বিজ্ঞানী হিচাপে যোগদান কৰি অতি কম বয়সতে দেশৰ বিজ্ঞান ক্ষেত্ৰখনলৈ অনবদ্য বৰঙণি আগবঢ়াইছে অসম সন্তান ড৹ বিনয় শইকীয়াই ।
![shanti swarup bhatnagar award to dr vinay kumar saikia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13183914_news.jpg)
বিশেষকৈ দুবছৰ পূৰ্বে ড৹ শইকীয়াই কৰ্কট ৰোগৰ কোষ চিনাক্তকৰণৰ বাবে কয়লাক ব্যৱহাৰ কৰাৰ ৰাসায়নিক পদ্ধতিৰ বিকাশ ঘটাই বিশেষ চৰ্চা লাভ কৰিছিল । ড৹ শইকীয়াৰ নামত ভাৰত আৰু আমেৰিকাত মুঠ চাৰিটাকৈ পেটেণ্ট আছে । দেহৰ কৰ্কট আক্ৰান্ত কোষ নিৰূপণকে ধৰি চিকিৎসাৰ ক্ষেত্ৰত কাৰ্বন আধাৰিত এক অতি ক্ষুদ্ৰাকৃতিৰ পদাৰ্থৰ ব্যৱহাৰ কৰা হয় । কাৰ্বন কোৱাণ্টাম ডট(CQD) নামৰ পদাৰ্থবিধৰ আকাৰ ১০ নেন মিটাৰ অৰ্থাৎ ১ ছেণ্টিমিটাৰৰ ১ নিযুত ভাগৰ ১০ ভাগতকৈ সৰু । বিশ্বৰ কেইবাখনো উন্নত দেশৰ ৰাসায়নিক উদ্যোগে ইয়াৰ উৎপাদন কৰে যদিও উৎপাদন ব্যয় অত্যন্ত বেছি ।
![shanti swarup bhatnagar award to dr vinay kumar saikia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrt-27sep-bhatnagar-award-image-as10039_27092021081256_2709f_1632710576_982.jpg)
লগতে পঢ়ক : গৰুখুটিৰ ঘটনাৰ আঁৰত জড়িত থকা তৃতীয় পক্ষ কোন ?