টীয়ক,10 জুন : যোৰহাট জিলাৰ টীয়কস্থিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকৰ একাউন্টৰ পৰা পুনৰ গ্ৰাহকৰ অজ্ঞাতে,কোনো দুষ্ট চক্ৰই জমা ধন উলিয়াই নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা টীয়ক চাকলিবৰৰ নিৱাসী জিতেন দত্ত নামৰ ব্যক্তিজনৰ এচ বি আই একাউন্টৰ পৰা তেওঁৰ অজ্ঞাতে কোনো দুষ্ট চক্ৰই বৃহৎ পৰিমাণৰ ধন হৰলুকি কৰি নিয়ে ৷
দুষ্ট চক্ৰটোৱে ভুক্তভোগী ব্যক্তিজনৰ, টীয়ক শাখাত থকা '10253888010' নম্বৰৰ একাউন্টৰ পৰা এ টিএম টেন্সফাৰৰ যোগেদি এক লাখ ষাঠি হাজাৰ টকা উলিয়াই নিয়ে ৷ উক্ত ধন পৰৱৰ্তী সময়ত চক্ৰটোৱে মেঘালয়ৰ এগৰাকী ব্যক্তিৰ একাউণ্ট আৰু ধেমাজিৰ এজন ব্যক্তিৰ একাউন্টৰ যোগেদি উলিয়াই নিয়ে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে জিতেন দত্তই টীয়ক আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ উল্লেখ্য যে বিগত ছটা মাহৰ ভিতৰত এচ বি আই টীয়ক শাখাৰ পৰা এনেদৰে দুষ্ট চক্ৰই গ্ৰাহকৰ অজ্ঞাতে একাউণ্টৰ পৰা ধন উলিয়াই নিয়া এইটো নৱমটো ঘটনা ৷ ইপিনে ধাৰাবাহিকভাৱে এনে ঘটনা ঘটি থকাৰ পাচতো বেংক কতৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী লোকসকলে ৷