ETV Bharat / state

Rupkonwar theatre festival: যোৰহাটত ৰূপকোঁৱৰ নাট্য উৎসৱৰ আয়োজন

author img

By

Published : Jan 18, 2023, 7:26 PM IST

যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি চাৰিদিনীয় কাৰ্যসূচীৰে 'ৰূপকোঁৱৰ নাট্য উৎসৱ ২০২৩ (Rupkonwar theatre festival 2023)" আয়োজন কৰা হৈছে ৷ ৰূপকোঁৱৰ নাট্য উৎসৱৰ উপলক্ষে প্ৰত্যেক দিনাই সন্ধিয়া ৫.৩০ বজাৰ পৰাৰ একোখনকৈ সামাজিক তথা মনোৰঞ্জনধর্মী নাটক মঞ্চস্থ কৰা হ'ব।

Rupkonwar theatre festival held in Jorhat
যোৰহাটত ৰূপকোঁৱৰ নাট্য উৎসৱ আয়োজন
যোৰহাটত ৰূপকোঁৱৰ নাট্য উৎসৱ আয়োজন

যোৰহাট, 18 জানুৱাৰী : যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ (Srimanta Sankardev Kolakhetra) উদ্যোগত 'ৰূপকোঁৱৰ নাট্য উৎসৱ ২০২৩ (Rupkonwar theatre festival 2023)" ৰ আয়োজন কৰিছে ৷ অহা 19 জানুৱাৰী পৰা যোৰহাট থিয়েটাৰ প্ৰাংগনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজে প্ৰতিবছৰৰ দৰে আয়োজন কৰি আহিছে জ্যোতিপ্ৰসাদ আগৰৱালা স্মাৰক ৰূপকোঁৱৰ নাট্য উৎসৱ ৷ কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে কলাক্ষেত্ৰৰ চৌহদৰ বাহিৰত এই নাট্য উৎসৱ আয়োজন কৰা হৈছে (Rupkonwar theatre festival held in Jorhat) ।

আজি এক সংবাদমেলত এই কথা প্ৰকাশ কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে ৷ তেওঁ আৰু কয় যে যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট থিয়েটাৰৰ সক্ৰিয় সহযোগত ১৯ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ বৰ্ণিল কাৰ্যসূচীৰে এই নাট্য উৎসৱ অনুষ্ঠিত হ'ব । সংবাদমেল যোগে শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ আৰু যোৰহাট থিয়েটাৰ সমাজে প্ৰকাশ কৰে যে সম্প্ৰতি নাট্য উৎসৱৰ বাবে আটক ধুনীয়াকৈ সজাই তোলা হৈছে যোৰহাট থিয়েটাৰ প্ৰেক্ষাগৃহৰ প্ৰাংগন । চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ৰূপকোঁৱৰ নাট্য উৎসৱৰ প্ৰত্যেক দিনাই সন্ধিয়া ৫.৩০ বজাৰ পৰাৰ একোখনকৈ সামাজিক তথা মনোৰঞ্জনধর্মী নাটক মঞ্চস্থ কৰা হ'ব ।

১৯ জানুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ প্ৰযোজনাৰে সংগীত নাটক অকাডেমী বঁটা প্ৰাপক বিশিষ্ট নাট পৰিচালক অবিনাশ শৰ্মাৰ পৰিচালনাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাট ‘ৰূপালীম' মঞ্চস্থ কৰা হ'ব । ২০ জানুৱাৰীত যোৰহাট থিয়েটাৰৰ প্ৰযোজনাত অভিনেতা, পৰিচালক পবিত্ৰ বৰুৱাৰ পৰিচালনাৰে নাট্যকাৰ প্ৰশান্ত কটকীৰ 'প্ৰাণৰো প্ৰাণৰ গানৰো গানৰ' শীৰ্ষক নাটখনি মঞ্চস্থ কৰা হ'ব ।

২১ জানুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ দ্বাৰা বিশেষভাৱে আমন্ত্রিত কলকাতাৰ ‘দক্ষিণেৰ বাতাস নাট্যগোষ্ঠী'ৰ প্ৰযোজনাৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক অভিজিৎ কৰগুপ্তৰ পৰিচালনাৰে মঞ্চায়ন কৰা হ'ব বাংলা নাটক 'বিভাজন'। ২২ জানুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ দ্বাৰা বিশেষভাবে আমন্ত্রিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, চিক্কিম শাখাৰ চিক্কিম ৰেপাৰেটৰী কোম্পানীৰ প্ৰযোজনাৰে বিশিষ্ট নাট পৰিচালক বিপিন কুমাৰৰ পৰিকল্পনা আৰু পৰিচালনাৰে মঞ্চায়ন কৰা হ'ব হিন্দী নাট 'চফেদ লকীৰ'।

ৰূপকোঁৱৰ নাট্য উৎসৱৰ লগত সংগতি ৰাখি জগন্নাথ বৰুৱা মহাবিদ্যালয় (JB College Jorhat) (স্বতন্ত্র)ৰ সক্ৰিয় সহযোগত মহাবিদ্যালয়ৰ গুণ গোবিন্দ দত্ত প্রেক্ষাগৃহত ২০ আৰু ২১ জানুৱাৰীত পুৱা ১০.৩০ বজাৰ পৰা দুখনকৈ বিদ্যায়তনিক আৰু মননশীল ‘আলোচনা চক্র'ও অনুষ্ঠিত কৰা হ'ব। এই আলোচনা-চক্ৰৰ মূল বিষয় হ’ব 'স্বৰাজোত্তৰ কালৰ অসমীয়া মঞ্চ নাটৰ ধাৰা'।উক্ত আলোচনা-চক্ৰখনি শুভ উদ্বোধন কৰিব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education Minister Dr Ranoj Pegu)। এই আলোচনা চক্ৰখনি সঞ্চালনা কৰিব বিশিষ্ট নাট পৰিচালক নয়ন প্রসাদে। সহঃসঞ্চালনা কৰিব বিশিষ্ট নাট্যকর্মী প্রশান্ত শর্মাই। সমল ব্যক্তি হিচাপে উপস্থিত থাকিব অসমৰ বিশিষ্ট নাট্য ব্যক্তিত্ব ড° অৰূপ বৰঠাকুৰ, সপোনজ্যোতি ঠাকুৰ, গুণাকৰ দেৱগোস্বামী, ৰবিজিতা গগৈ আৰু বিদ্যাৱতী ফুকন।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ দ্বাৰা সৃষ্ট অংকীয়া নাটসমূহৰ পৰম্পৰাগত চিত্র শৈলীত কলাক্ষেত্ৰৰ দ্বাৰা প্ৰস্তুত কৰা চিত্ৰ ব্যাখ্যাৰ এক প্রদর্শনীও আয়োজনৰ ব্যৱস্থা কৰা হৈছে। এই প্রদর্শনীত প্ৰতিখন নাটৰ আধাৰত অসমৰ ৬ গৰাকী বিশিষ্ট চিত্র শিল্পীৰ তত্ত্বাৱধানত প্ৰস্তুত কৰি উলিওৱা প্ৰায় ১২০ খন চিত্র প্রদর্শিত হ'ব ।

লগতে পঢ়ক: Axom Gunotsav 2023: আজিৰে পৰা ৰাজ্যত আৰম্ভ চতুৰ্থ পৰ্বৰ গুণোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.