মৰিয়নী, 3 জানুৱাৰীঃ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত ৷ মৰিয়নীৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত দেৰগাঁও কাকদোঙা দলঙৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় বাহনখন ৷
যোৰহাট অভিমুখী গৈ থকা এখন ৱেগনাৰ সৈতে মুখামুখি সংঘৰ্ষ হয় বিধায়ক গৰাকীৰ বাহন ৷ দুৰ্ঘটনাটো বিধায়ক গৰাকীৰ লগতে তেওঁৰ দেহৰক্ষী দুজনো আছিল ৷ দুৰ্ঘটনাটো বিধায়ক গৰাকীৰ ভৰি আঙুলি ভঙাৰ বিপৰীতে এজন দেহৰক্ষীয়ে বুকুত আঘাত পায় ।
আনহাতে, বিধায়ক গৰাকীক চিকিৎসা প্ৰদানৰ বাবে ততাতৈয়াকৈ যোৰহাট অসামৰিক চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাই । বর্তমান বিধায়ক গৰাকী সম্পূৰ্ণ বিপদমুক্ত বুলি জানিবলৈ দিয়ে চিকিৎসক গৰাকীয়ে ৷
লগতে পঢ়কঃ বিগত দুমাহত ভাৰতৰ পৰা 445 গৰাকী বাংলাদেশী উভতিছেঃ বিজিবি মুখ্য