ETV Bharat / state

অসমৰ ভূমিত নগাৰ কেম্প, পৰিস্থিতি পৰ্যবেক্ষণ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ - Rupjyoti Kurmi

মৰিয়নীৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত অস্থায়ী কেম্প স্থাপন কৰিছে নগাই ৷ বিগত দেওবাৰে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই ঘৰ নিৰ্মাণৰ বাবে যুগুতাই থোৱা সামগ্ৰী অসম আৰক্ষীৰ সহযোগিতাত বন বিভাগ আৰু মহকুমা প্ৰশাসনে জব্দ কৰিছিল। শনিবাৰে সীমান্তৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

অসমৰ ভূমিত নগাৰ কেম্প, পৰিস্থিতি পৰ্যবেক্ষণ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ
Rupjyoti Kurmi monitors sitiation at Mariyani border where Naga people engroachment Assam land
author img

By

Published : Nov 14, 2020, 5:14 PM IST

মৰিয়নী,14 নৱেম্বৰঃ অসমৰ ভূমিত নগাৰ কেম্প স্থাপনক লৈ ভাৰত-নাগালেণ্ড সীমান্তত বৃদ্ধি পাইছে উত্তেজনা ৷ শনিবাৰে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে উপস্থিত হয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ ইয়াৰ উপৰিও বিধায়কগৰাকীয়ে অসম আৰক্ষীৰ জোৱান সকলৰ মাজত ফল-মূল বিতৰণ কৰে ৷

অসমৰ ভূমিত নগাৰ কেম্প, পৰিস্থিতি পৰ্যবেক্ষণ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

উল্লেখ্য যে, মৰিয়নীৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত অস্থায়ী কেম্প স্থাপন কৰিছে নগাই ৷ বিগত দেওবাৰে ভেলী সংৰক্ষিত বনাঞ্চলত নগাই ঘৰ নিৰ্মাণৰ বাবে যুগুতাই থোৱা সামগ্ৰী অসম আৰক্ষীৰ সহযোগিতাত বন বিভাগ আৰু মহকুমা প্ৰশাসনে জব্দ কৰিছিল। দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ সেই একেই স্থানতে দুদিনৰ পিছতেই পুনৰ প্ৰত্যক্ষ কৰা হৈছিল নগা আৰক্ষীৰ এটা অস্থায়ী কেম্প ৷ ইতিমধ্যে মৰিয়নী মহকুমা আৰক্ষী বিষয়া, যোৰহাট জিলা সংমণ্ডলিক বন বিষয়া, সীমান্ত দণ্ডাধীশৰ লগতে অসম আৰক্ষীৰ এটা বৃহৎ দল সেই স্থানলৈ গৈ নগা আৰক্ষীৰ চাউনিটো প্ৰত্যক্ষ কৰিছিল। তাত উপস্থিত থকা নগা আৰক্ষী বিষয়াক অতি শীঘ্ৰে চাউনিটো ভাঙিবলৈ সীমান্ত দণ্ডাধীশ নিৰ্দেশ দিয়া হৈছিল যদিও নগা আৰক্ষীয়ে তেওঁৰ উৰ্দ্ধতম কৰ্তৃপক্ষ নহা পৰ্যন্ত কেম্পতো আঁতৰাব নোৱাৰাৰ কথা জানিবলৈ দিছিল।

পৰৱৰ্তী সময়ত সেই স্থানত তিতাবৰ মহকুমাধিপতিৰ লগতে অসম আৰক্ষী আৰু অৰ্দ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দল উপস্থিত হয়। যদিও নাগালেণ্ড প্ৰশাসনৰ উচ্চপদস্থ বিষয়া এই পৰ্যন্ত উক্ত স্থানত উপস্থিত নোহোৱাত অসম আৰক্ষীয়ে নগা আৰক্ষীৰ কেম্পতো আঁতৰাবলৈ সক্ষম হোৱা নাই। সেয়েহে শনিবাৰে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতী কুৰ্মী সীমান্ত অঞ্চলত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লয় ৷

লগতে পঢ়ক-হোজাইত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত শিশু দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.