ETV Bharat / state

Delimitation of Constituencies: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক আদৰণি বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু মন্ত্ৰী অজন্তা নেওগৰ - Constituency Delimitation process

নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্য হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ ৷ এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক আদৰণি মন্ত্ৰী অজন্তা নেওগ আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ হলেও নতুন সমষ্টিত নিৰ্বাচনৰ বাবে সাজু বুলি মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷

Constituency Delimitation
সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক আদৰণি বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু মন্ত্ৰী অজন্তা নেওগৰ
author img

By

Published : Dec 28, 2022, 1:33 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক আদৰণি বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু মন্ত্ৰী অজন্তা নেওগৰ

যোৰাহাট, 28 ডিচেম্বৰ: ৰাজ্যৰ সমষ্টি নিৰ্ধাৰণক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী অজন্তা নেওগ(Minister Ajanta Neog) আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ(MLA Rupjtoti Kurmi) ৷ উল্লেখ্য যে, নিৰ্বাচন আয়োগৰ নিৰ্দেশনা(Election Commission of India) অনুসৰি 2001 চনৰ লোক পিয়ল অনুসৰি নিৰ্ধাৰণ কৰা হ’ব সমষ্টিসমূহ ৷ অৰ্থাৎ সমষ্টি পুনৰ নিৰ্ধাৰণৰ(Assembly redraw) পিছতেই ৰণক্ষেত্ৰ সলনি হ’ব প্ৰতিগৰাকী বিধায়কৰ ৷

সমষ্টি নিৰ্ধাৰণ(Constituency Delimitation) প্ৰক্ৰিয়াক আদৰণি জনায় মন্ত্ৰী অজন্তা নেওগৰ মন্তব্য, ‘‘সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে সকলো সিদ্ধান্ত ৰাইজৰ মতে হ’ব ৷ ’’ উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ ফলত যোৰহাট জিলাৰ পূৰ্বৰ দুটা সমষ্টি মৰিয়নি(Mariani assembly constituency) আৰু টীয়কৰ(Teok assebly constituency) বিলুপ্তি ঘটিব ৷ ফলত কলিয়াপানি(Kaliapani Assembly Constituency) নামৰে এটা সমষ্টি সৃষ্টি হ’ব ৷

নতুনকৈ গঠন হ’ব লগা এই সমষ্টিত নিৰ্বাচন খেলিবলৈ সাজু হৈ থকা বুলি উল্লেখ কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, ‘‘দুবছৰ পূৰ্বৰ পৰাই নতুনকৈ হ’ব লগা সমষ্টি বুজ লোৱাৰ বাবে মই চেষ্টা কৰি আছিলোঁ, গতিকে মোৰ কোনো সমস্যা হ’ব নালাগে ৷ ’’ ইফালে, পূৰ্বৰ সমষ্টি বিলুপ্ত হোৱাৰ বাবে কিছু আৱেগিক হৈ পৰা বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷

উল্লেখ্য যে, যোৰহাট জিলাৰ 5টা সমষ্টিৰ পাঁচোতাই থাকিব যদিও সলনি হ'ব নাম । যোৰহাট সদৰ সমষ্টিৰ নাম সলনি হৈ হ’ব উত্তৰ যোৰহাট, দক্ষিণ যোৰহাট । মৰিয়নিৰ এটা অংশ আৰু টীয়কৰ এটা অংশক লৈ হ'ব কলিয়াপানি সমষ্টি , লগতে থাকিব তিতাবৰ(Titabar Assembly Constituency) আৰু দেৰগাঁও সমষ্টি(Dergaon Assembly Constituency) । সমষ্টি পুনৰ নিৰ্ধাৰণ ফলত ডিব্ৰুগড় জিলাৰ এটা সমষ্টি হ্ৰাস হোৱা বিপৰীতে ধেমাজিত এটা সমষ্টি বৃদ্ধি পাব । সংবাদ মাধ্যমৰ আগত এই মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ ৷

মন কৰিব লগীয়া যে, অসমৰ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড আৰু জম্মু-কাশ্মীৰৰ ৷ স্মৰ্তব্য যে, 1976চনত 1971 চনৰ লোক পিয়ল অনুসৰি হৈছিল অন্তিমবাৰৰ বাবে সমষ্টি নিৰ্ধাৰণ ৷ ভাৰতীয় সংবিধানৰ 8Aঅনুচ্ছেদ অনুসৰি হ’ব সমষ্টিৰ এই পুনৰ নিৰ্ধাৰণ ৷

উল্লেখ্য যে, এই সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰোধীতা কৰিছে বিৰোধী বিধায়ক দেৱব্ৰত শইকীয়াই(MLA Debabrata Saikia) ৷ 20 বছৰ পুৰণি তথ্যৰ ভিত্তিত সমষ্টি নিৰ্ধাৰণ কৰি চৰকাৰে ধন অপচয় কৰিব বিচাৰিছে বুলি মন্তব্য বিৰোধী দলপতিগৰাকীৰ ৷

লগতে পঢ়ক: Constituency Delimitation in Assam : 20 বছৰ পুৰণি তথ্যৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ অযুক্তিকৰ: দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.