যোৰহাট, 27 জানুৱাৰী: যোৰহাটৰ বাঘমৰাত বনভোজ খাবলৈ গৈ মঙলবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত দুৰ্ঘটনাগ্ৰস্ত হয় এখন নাও ৷ দুৰ্ঘটনাত পতিত নাওখনত থকা 14-15 জনীয়া এটা দলে বাঘমৰালৈ বনভোজ খাবলৈ গৈ থকাৰ সময়তে ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় নাওখন ৷ লগে লগে হুৱাদুৱা লাগে প্ৰত্যক্ষদৰ্শীৰ মাজত ৷ SDRF আৰু NDRF বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও শিশুসহ 4 জন লোক নিখোজ হৈ পৰে ব্ৰহ্মপুত্ৰৰ বুকুত ৷
বুধবাৰে ৰাতিপুৱা পুনৰ SDRF আৰু NDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলোৱাত এটি 9 বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হয় ৷ চুফিয়ান চৌহান নামৰ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাচতে আন তিনি গৰাকী লোকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে ৷
লগতে পঢ়ক: গণৰাজ্য দিৱসৰ দিনাই কামপুৰ চাংচকী পথাৰত অগণন ৰাইজে কি কৰিছে !