যোৰহাট, ২৬ জানুৱাৰী: আজি ৭২ সংখ্যক গণৰাজ্য দিৱস । সংবিধান গৃহীত হোৱাৰ দিনটো আজি সমগ্ৰ দেশবাসীয়ে উলহ-মালহেৰে পালন কৰিছে । যোৰহাটতো উদযাপন কৰা হৈছে ৭২ সংখ্যক গণৰাজ্য দিৱস । যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত কাছাৰী ময়দানত আয়োজন কৰা হৈছে গণৰাজ্য দিৱসৰ অনুষ্ঠান ।
এই অনুষ্ঠানত পতাকা উত্তোলন কৰে কৃষি মন্ত্ৰী অতুল বৰাই । পতাকা উত্তোলনৰ পিছতে সামৰিক অভিবাদন গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী অতুল বৰাই প্ৰথমে শ্বহীদসকলক স্মৰণ কৰে আৰু তাৰ পিছত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনি সম্পৰ্কে বক্তব্য আগবঢ়ায় ।
আজিৰ অনুষ্ঠানত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, যোৰহাটৰ জিলা উপায়ুক্তৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে । অসম আৰক্ষী, এন চি চিৰ লগতে বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কুচ-কাৱাজ প্ৰদৰ্শন কৰে ।
লগতে অনুষ্ঠানত বিভিন্ন বিভাগৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হয় । গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানতে মুক্তি যোদ্ধাসকলৰ পৰিয়াল আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা বহু কেইজন ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ।
লগতে পঢ়ক:কলিয়াবৰত ৭২ সংখ্যক গণৰাজ্য দিৱস পালন