টীয়ক,18 জুন: সাংস্কৃতিক জীৱনৰ লগত জড়িত শিল্পীসকলৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি টীয়কত পালন কৰা হৈছে এক ব্যতিক্ৰমী কাৰ্যসূচী ৷ লক ডাউনৰ বাবে সমস্যাৰ সন্মুখীন হোৱা শিল্পীসকলক দীৰ্ঘদিনে আগবঢ়োৱা সেৱাৰ স্বীকৃতিস্বৰূপে আৰ্থিক অনুদান আগবঢ়াই টীয়কৰ সাংস্কৃতিক জগতৰ গুৰিধৰোতা স্বৰূপ ড৹ অকণ চন্দ্ৰ শইকীয়া আৰু ৰবীন দুৱৰাই ৷ ব্যক্তি দুগৰাকীৰ পৃষ্ঠপোষকতাত এটা দলে পুঁজি সংগ্ৰহেৰে টীয়কৰ দাঁতিকাষৰীয়া অঞ্চলৰ ২৫জনতকৈ অধিক নিৰ্বাচিত সাংস্কৃতিক কর্মীক সামৰি এই কাৰ্যসূচী আৰম্ভ কৰে ৷ তিনিটা পৰ্যায়ত সম্পাদিত এই কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত সাংস্কৃতিক কৰ্মীসকলৰ ঘৰে ঘৰে গৈ কৃতজ্ঞতাসূচক আৰ্থিক সহযোগিতা প্ৰদান কৰে উদ্যোক্তাসকলে ।
উল্লেখ্য যে,এই সমগ্ৰ কাৰ্যসূচী উদ্যোক্তামণ্ডলীৰ হৈ সম্পূৰ্ণ কৰিব বুলি সাংস্কৃতিক কৰ্মী ৰমেন শৰ্মা,অশোক বৰা আৰু তাপস তৰুণ শইকীয়াই ৷
লগতে চাওকঃ দৰঙত পুনৰ দুজন কৰ’ণাত আক্ৰান্ত