ETV Bharat / state

ৰেণু বৰা মেম’ৰিয়েল একাডেমীত একাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ

author img

By

Published : Oct 19, 2021, 1:41 PM IST

ৰাজ্যৰ অন্যান্য মহাবিদ্যালয়ৰ লগতে টীয়কৰ অন্যতম শিক্ষানুষ্ঠান ৰেণু বৰা মেম’ৰিয়েল একাডেমী(Renu Bora Memorial Academy)তো আৰম্ভ একাদশ শ্ৰেণী(HS 1st Year)ৰ নিয়মীয়া পাঠদান ৷ সম্পূৰ্ণ ক’ভিড বিধি(Covid Protocol) মানি একাডেমীখনে আৰম্ভ কৰিছে পাঠদান ৷

regular-classes-of-hs-first-year-has-started-in-renu-bora-memorial-academy
একাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ

টীয়ক, 19 অক্টোবৰ : মঙলবাৰৰ আৰম্ভ হৈছে ৰাজ্যৰ মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ একাদশ শ্ৰেণী(HS 1st Year)ৰ পাঠদান ৷ টীয়কৰ অন্যতম শিক্ষানুষ্ঠান ৰেণু বৰা মেম’ৰিয়েল একাডেমী(Renu Bora Memorial Academy)তো শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত দেখিবলৈ পোৱা গৈছে পাঠদান আৰম্ভ হোৱাৰ উৎসুকতা ৷

একাডেমীখনে চৰকাৰী নিৰ্দেশমৰ্মে সম্পূৰ্ণ ক’ভিড বিধি(Covid Protocol) মানি আৰম্ভ কৰিছে একাদশ শ্ৰেণীৰ নিয়মীয়া পাঠদান । মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰতে চেনিটাইজাৰৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ সকলোকে আহ্বান জনাইছে মহাবিদ্যালয় কৰ্তৃপক্ষই ।

একাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ

ইতিমধ্যে মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী সকলোৱে ভেকচিন(Vaccine) গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও ভেকচিনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনোৱা হৈছে । ক’ভিড 19(Covid 19)ৰ ভয়ংকৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ ছাত্ৰ-ছাত্ৰীসকলে নিজকে সুৰক্ষিত ৰখাতো অতি আৱশ্যক বুলি মন্তব্য কৰে একাডেমী কৰ্তৃপক্ষই ৷ এই ক্ষেত্ৰত কৰ্তৃপক্ষই অভিভাৱকসকলক সজাগ হ’বলৈ আহ্বান জনায় ৷

এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC)ত নবহাকৈয়ে বিদ্যালয়ৰ চুড়ান্ত দেওনা পাৰ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ পোনপটীয়াকৈ বহিছে একাদশ শ্ৰেণীত ৷ হাইস্কুলৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ নিজ নিজ পছন্দৰ মহবিদ্যালয় তথা কনিষ্ঠ মহাবিদ্যালয়ত নামভৰ্তি কৰিছে শিক্ষাৰ্থীসকলে ৷ নামভৰ্তিৰ পাচতো প্ৰায় তিনিমাহ ধৰি অনলাইনযোগে পাঠদান অব্যাহত ৰাখিছিল একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে ৷

সম্প্ৰতি পৰিস্থিতি কিছু নিয়ন্ত্ৰণ হোৱাত চৰকাৰে পুনৰ বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠদান অফলাইনযোগে আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যতে মঙলবাৰৰ পৰা নিদিৰ্ষ্ট ক’ভিড বিধি অৱলম্বন কৰি শ্ৰেণীকোঠাসমূহৰ দুৱাৰ পুনৰ মুকলি হয় ৷

লগতে পঢ়ক: ক’ভিড প্ৰট’কল মানি ৰঙিয়াত পাঠদান আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.