টীয়ক, 25 ডিচেম্বৰ : সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জন কৰি টীয়কলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে ৰন্টু বৰুৱাই ৷ শুকুৰবাৰে ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসম লোক সেৱা আয়োগৰ (ৰাজহ বিভাগ) ত 33 সংখ্যক স্থান লাভ কৰি টীয়ক জগদুৱাৰ নপমুৱা গাঁৱৰ ৰন্টু বৰুৱাই অঞ্চলবাসী ৰাইজক গৌৰৱান্বিত কৰি তোলে ৷
উল্লেখ্য যে অসম লোক সোৱা আয়োগে অনুষ্ঠিত কৰা প্ৰবক্তাৰ পৰীক্ষাতো বৰুৱা উৰ্ত্তীৰ্ণ হৈছিল ৷ বৰুৱাৰ সফলতাৰ কথা গম পোৱাৰ লগে শুভেচ্ছা জ্ঞাপন কৰাৰ উদ্দেশ্যে বৰুৱাৰ বাসগৃত শুভাকাংক্ষী তথা বিভিন্ন দল সংগঠন উপস্থিত হৈছে ৷
লগতে পঢ়ক:বৰদিন উপলক্ষে যোৰহাটৰ গাৰ্ল আপ ক্লাৱৰ ইতিবাচক পদক্ষেপ