ETV Bharat / state

যোৰহাটত ব্যতিক্ৰমী ৰূপত নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপিৰ ৰঞ্জিত দাসে

author img

By

Published : Apr 2, 2019, 2:59 PM IST

যোৰহাটৰ উক বজাৰৰ বিপনীয়ে বিপণীয়ে গৈ প্ৰচাৰ চলালে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷ প্ৰচাৰ অভিযানত মোডীৰ বিজয় নিশ্চিত বুলি মন্তব্য ৰঞ্জিত দাসৰ ৷

যোৰহাটৰ বিপনীত ৰঞ্জিত দাস

যোৰহাট, ২ মাৰ্চঃ আগন্তুক লোকসভা নিৰ্বাচনত চমক দেখুৱাবলৈ সাজু ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি দল, সংগঠন সকলো । মঙলবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে চমক দেখুৱালে যোৰহাটৰ ঐতিহাসিক উক বজাৰত । যোৰহাটৰ উক বজাৰত থকা সকলো বিপনীত গৈ সভাপতি ৰঞ্জিত দাসে বিজেপিৰ প্ৰাৰ্থী তপন গগৈৰ হৈ প্ৰচাৰ অভিযান চলাই । সভাপতিজনে প্ৰতিখন বিপনীত গৈ প্ৰতিজন ব্যক্তিকে ভোট দিবলৈ আহ্বান জনোৱাৰ লগতে পুনৰ কেন্দ্ৰত মোডী চৰকাৰৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে সভাপতিগৰাকীয়ে ।

যোৰহাটৰ বিপনীত ৰঞ্জিত দাস

আনহাতে, এই বৰ্ষত মোডীৰ বিজয় নিশ্চিত বুলি মত প্ৰকাশ কৰাৰ লগতে ভাৰতবৰ্ষখনক বিশ্বগুৰু ৰূপত গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে বুলিও মত প্ৰকাশ কৰে সভাপতি ৰঞ্জিত দাসে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.