ETV Bharat / state

অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা, বিশিষ্ট সাহিত্যিক ড0 কুতুবুদ্দিন আহমেদৰ পৰলোকপ্ৰাপ্তি - passaway

অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা, বিশিষ্ট সাহিত্যিক, অধ্যাপক ড0 কুতুবুদ্দিন আহমেদৰ পৰলোকপ্ৰাপ্তি ৷ মৃত্যুৰ সময়ত ড0 আহমেদৰ বয়স আছিল ৭৩ বছৰ । দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল প্ৰয়াত ড0 আহমেদ ৷

বিশিষ্ট সাহিত্যিক ড0 কুতুবুদ্দিন আহমেদৰ পৰলোকপ্ৰাপ্তি

author img

By

Published : Apr 5, 2021, 1:12 PM IST

যোৰহাট,5 এপ্ৰিল: অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা, বিশিষ্ট সাহিত্যিক, অধ্যাপক ড0 কুতুবুদ্দিন আহমেদৰ পৰলোকপ্ৰাপ্তি ৷ সাহিত্যিক গৰাকীৰ মৃত্যুত শোকস্তব্ধ এতিয়া যোৰহাটৰ বৌদ্ধিক সমাজ ৷ সাহিত্যিক গৰাকীক যোৰহাটস্থিত সাহিত্য সভাৰ মুখ্য কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত শেষ শ্ৰদ্ধাঞ্জলি দিয়া হয় ৷ সাহিত্যিক গৰাকী দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল ৷ আজি পুৱা প্ৰায় ৪ বজাত গুৱাহাটীৰ এপল' হস্পিতালত চিকিৎসাধীন অৱস্থাতে পৰলোকপ্ৰাপ্তি হয় আহমেদৰ । হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা ৯ মাৰ্চত তেওঁক গুৱাহাটীৰ এপল' হস্পিতালত ভৰ্তি কৰা হৈছিল আৰু যোৱা পাঁচ দিন ধৰি তেখেতক আইচিইউত ৰখা হয় । মৃত্যুৰ সময়ত ড0 আহমেদৰ বয়স আছিল ৭৩ বছৰ ।

প্ৰয়াত ড0 আহমেদৰ জন্ম হৈছিল ১৯৪৮ চনৰ ৩ জানুৱাৰীত ৷ পশ্চিম যোৰহাটৰ পুলিবৰত প্ৰয়াত হাছান আলি আৰু প্ৰয়াত মেহেৰুণ নিছা আলিৰ পুত্ৰ হৈছে প্ৰয়াত ড0 আহমেদ । যোৰহাটতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰি তেখেতে ১৯৬৯-৭০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত আৰু ১৯৭৭-৭৮ বর্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে । প্ৰয়াত ড0 আহমেদে ১৯৮৯ চনত অধ্যাপক ড0 মহেন্দ্ৰ বৰাৰ তত্বাৱধানত "জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যশিল্প" বিষয়ত অধ্যয়ন কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে । প্ৰয়াত ড0 আহমেদে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে আৰু তাৰ পৰাই ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে ।

তেখেতে নিজৰ সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে । "ইংৰাজী সাহিত্যৰ চমু বুৰঞ্জী"(তৃতীয় সংস্কৰণ), "শিল্পী নাট্যকাৰ জ্যোতিপ্ৰসাদ আগৰৱালা"(দ্বিতীয় সংস্কৰণ), "সাহিত্য কোষ"(দ্বিতীয় সংস্কৰণ), "বিশ্ব সাহিত্যৰ সৌৰভ"(দ্বিতীয় সংস্কৰণ), কাব্য সংকলন "শ্বায়েৰীৰ দৰে", "এশ এটা অসমীয়া শ্বায়েৰী", "মিত্ৰদেৱ মহন্ত", "অসমীয়া ঐতিহাসিক উপন্যাসৰ গতিধাৰা", "নিৰ্বাচিত অসমীয়া শ্বায়েৰী" "শিল্প আৰু শিল্পবোধ" "বাহাদুৰ গাওঁবুঢ়া", "সান্নিধ্যৰ মধুৰ সোঁৱৰণ", "সাহসী মামণি" আদি সাহিত্য অকাডেমিৰ মধ্যযুগীয় সাহিত্যৰ কিছু অংশ ইংৰাজীলৈ অনুবাদ কৰিছিল প্ৰয়াত ড0 আহমেদে । প্ৰয়াত ড0 আহমেদে নিজৰ কৰ্মৰাজিৰ বাবে ২০১১ চনত "অসম চৰকাৰৰ সাহিত্য বঁটা" আৰু ২০১৩ চনত "সাহিত্যিক পেঞ্চন" লাভ কৰে । ইয়াৰ উপৰিও তেখেতক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিভিন্ন বঁটাৰে সন্মানিত কৰে ৷

অন্য এক খবৰৰ বাবে: ভূত বাংলালৈ পৰিণত মানশিৰিৰ পশু উপ-কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.