যোৰহাট, ২৬ জুলাই: যোৰহাট জিলাৰ মৰিয়নিত ভাঙিল লোক নিৰ্মাণ বিভাগৰ পকী দলং । বহিঃজগতৰে বিচ্ছিন্ন বৃহৎ এলেকা । যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নিৰ চেলেংহাট টেঙাবাৰী আৰু চেলেং চাহ বাগিচা সংযোগী পথত থকা এখন পকী দলং ভাঙি পৰি যোগাযোগ বিচ্ছিন্ন হৈ পৰাত বৃহত্তৰ এলেকাটোৰ জনসাধাৰণে সমস্য়াৰ সন্মুখীন হ'বলগীয়া হৈছে ।
লোক নিৰ্মাণ বিভাগৰ অধীনৰ পথটোৰ চেলেং চাহ বাগিছাৰ বাবু লাইনৰ সমীপৰ এটা জানৰ ওপৰত থকা দলংখনৰ বুধবাৰে পুৱা দুয়োফাল খহি যোৱাত পথটোৰে যোগাযোগ বিছিন্ন হৈ পৰে । উল্লেখ্য যে কিছুদিন পূৰ্বে এই পথটোত থকা দলংখনৰ দুয়োফালৰ মাটি খহি দ' গাঁতৰ সৃষ্টি হৈছিল । স্থানীয় ৰাইজে এই দলংখন মেৰামতি কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দীৰ্ঘ দিনৰ পৰা দাবী জনাই আহিছিল ।
এই দলংখনত বিপদ ঘণীভূত হোৱাৰ আশংকা কৰিয়েই ৰাইজে লোক নিৰ্মাণ বিভাগৰ লগতে জনপ্ৰতিনিধিক মেৰামতি কৰিবলৈ দাবী জনাইছিল যদিও কোনোৱে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে । এতিয়া এই গুৰুত্বপূৰ্ণ পথটোৰে যোগাযোগ ব্যাহত হৈ পৰাত চেলেং চাহ বাগিচা,টেঙাবাৰী, ৰনখাম, শিমলু গাঁৱকে ধৰি বহু কেইখন গাঁৱৰ ৰাইজ সমস্যাৰ সন্মুখীন হৈছে ।
লগতে পঢ়ক:British Indian fraud case in UK: ভাৰতীয় বংশোদ্ভৱ অধিবক্তাক ২৮ নিযুত পাউণ্ড জৰিমনা ব্ৰিটেইনৰ আদালৰ
উল্লেখ্য যে দহবছৰ পূৰ্বে লোক নিৰ্মাণ বিভাগে পকী কৰা পথটোৰ উক্ত দলংখন ঠিকাদাৰে নতুনকৈ নিৰ্মাণ নকৰি আৱন্টিত ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল । স্থানীয় ৰাইজে শীঘ্ৰে নতুনকৈ এখন দলং নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে । আনহাতে, মৰিয়নি সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কামত বিয়াগোম দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰো অভিযোগ উথাপিত হৈছে । এই ক্ষেত্ৰত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজোতি কুৰ্মীৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে ।