ETV Bharat / state

অখিল গগৈ, শিংখল চলিহাৰ মুক্তিৰ দাবীত উত্তাল যোৰহাট আৰু তিনিচুকীয়া

সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতা কৰি আন্দোলন কৰাৰ বাবে প্ৰশাসনে অখিল গগৈ আৰু শিংখল চলিহা সহ বহু প্ৰতিবাদকাৰীক আটক কৰিছিল৷ সেয়ে আজি যোৰহাটবাসী আৰু মাকুম বাসীৰ লগতে বিভিন্ন দল সংগঠনে কাৰাবন্দী সকলক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷

author img

By

Published : Dec 24, 2019, 11:39 PM IST

tinsukia
তিনিচুকীয়া

যোৰহাট, তিনিচুকীয়া 24 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰে ৰাজ্যত গা কৰি উঠা প্ৰতিবাদ প্ৰতিহত কৰাৰ স্বাৰ্থত চৰকাৰ তথা প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে আন্দোলনটোৰ গুৰি ধৰা বহুকেইজ নেতাক ৷ ইতিমধ্যে, CAA বিৰোধী আন্দোলনত জড়িত থকাৰ বাবেই গ্ৰেপ্তাৰ কৰিছে কৃষক নেতা অখিল গগৈ তথা লাচিন সেনা অসমৰ নেতা শৃংখল চলিহাক ৷ মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰতিবাদকাৰী সকলক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত যোৰহাটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়৷

যোৰহাট
উত্তাল প্ৰতিবাদ

অখিল গগৈ, শৃংখল চলিহা, জিতেন দত্ত, স্বপ্নজিৎ বৰগোঁহাইৰ লগতে সকলো প্ৰতিবাদকাৰীক বিনাচৰ্তে মুক্তিৰ দাবীত ৰাইজে যোৰহাটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বীৰ লাচিত সেনা অসমৰ যোৰহাট জিলা সমিতি, আহোম সেনা, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । প্ৰতিবাদকাৰী সকলে অনতিপলমে কাৰাবন্দী সকলক মুক্তি দিয়াৰ কৰাৰ লগতে সংশোধিত নাগৰিকত্ব আইন বাতিল কৰাৰ দাবী উত্থাপন কৰে ৷

অখিল গগৈ, শিংখল চলিহাৰ মুক্তিৰ দাবীত যোৰহাটত প্ৰতিবাদ

সমান্তৰালকৈ মাকুমতো অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয় ৷ সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশত আৰক্ষীয়ে কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, লক্ষ্যজ্যোতি গগৈ আৰু আলফা নেতা জীতেন দত্তক আটক কৰিছিল ৷ আটকাধীন আটাইকেইগৰাকী নেতাক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত মঙলবাৰে মাকুমত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ লগতে প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানে দি প্ৰতিবাদস্থলী কঁপাই তোলাৰ লগতে বিতৰ্কিত আইনখন কেতিয়াও মানি লোৱা নহ’ব বুলি চৰকাৰক সকীয়াই দিয়ে ৷

অখিল গগৈ, শিংখল চলিহাৰ মুক্তিৰ দাবীত উত্তাল তিনিচুকীয়া

লগতে পঢ়ক- ডিব্ৰুগড়ত জনতাৰ বজ্ৰ গৰ্জন

Intro: অখিল গগৈ আৰু শিংখল চলিহাৰ মুক্তিৰ দাবীত উত্তাল যোৰহাট।।
Body:প্ৰতিবাদকাৰীক মুক্তিৰ দাবীত উত্তাল যোৰহাট

যোৰহাট :::: অসম জ্বলিছে প্ৰতিবাদৰ জুইত । অখিল গগৈ , শৃংখল চলিহা , জিতেন দত্ত , স্বপ্নজিৎ বৰগোঁহাইৰ লগতে সকলো প্ৰতিবাদকাৰীক বিনাচৰ্তে মুক্তিৰ দাবীত বীৰ লাচিত সেনা অসম , যোৰহাট জিলা সমিতি , আহোম সেনা , অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীৰ দাবী অনতিপলমে কাৰাবন্দীক মুক্তি দিয়ক , নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক অন্যথা ইয়াতকৈও ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হব অসম চৰকাৰ ।Conclusion:যদি বিনাচৰ্তে নাগৰিকত্ব সংশোধিত আইন বাতিলৰ বাবে কৰা আটক কৰা প্ৰতিবাদ কাৰীক মুক্তি নিদিয়ে তেনেহলে পুণৰ অশান্ত হোৱাৰ ইংগিত বহন কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.