যোৰহাট,1 জুলাই: সাম্প্ৰতিক সময়ত ৰাজ্যজুৰি দেখা গৈছে চৰকাৰ বিৰোধী প্ৰতিবাদৰ ভিন্ন পন্থা ৷ বিগত কিছুদিনৰ ভিতৰত পেট্ৰ’লজাতীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ ফলত ৰাজ্যৰ সৰ্বত্ৰে এতিয়া প্ৰতিবাদৰ ঢৌ উঠা পৰিলক্ষিত হৈছে ৷ বুধবাৰে যোৰহাটত এই প্ৰতিবাদ সাব্যস্ত কৰে মণ্ডল কংগ্ৰেছৰ কৰ্মীসকলে ৷
আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেলত তেলৰ মূল্য নিম্নগামী হৈ ৪০ ডলাৰ হোৱাৰ পিছতো দেশত দৈনিক বৃদ্ধি পাব ধৰিছে পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য ৷ এই মূল্যবৃদ্ধিয়ে বৰ্তমান মাধমাৰ শোধাইছে সাধাৰণ জনতাক । চহৰখনৰ মণ্ডল কংগ্ৰেছৰ কৰ্মীসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷
লগতে চাওকঃ পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত বাওঁপন্থী দলৰ