যোৰহাট, 2 জুলাইঃ বৃহস্পতিবাৰে যোৰহাট চহৰৰ মাজমজিয়াত দেখিবলৈ পোৱা কা-বিৰোধী ঐক্য মঞ্চৰ প্ৰতিবাদী মানৱ শৃংখল ৷ এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰি কয়, অসম চৰকাৰে সম্প্ৰতি COVID-19ৰ সুযোগ লৈ CAA বিৰোধী আন্দোলন স্তিমিত কৰিছে ৷ বিশেষকৈ অখিল গগৈ, ধৈৰ্য কোঁৱৰ আদিকে ধৰি CAA বিৰোধী আন্দোলনৰ লগত জড়িত কেইবাগৰাকীও লোকক ভিন্ন গোচৰ জাপি দি কাৰাবন্দী কৰি ৰখা হৈছে ৷

আনহাতে বৰহোলাৰ বেকাজান-বালিজানৰ এগৰাকী যুৱক জয়ন্ত বৰাক অবৈধ কয়লা খননৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে ৷ লগতে হঠাতে অসম চৰকাৰে জাৰি কৰা লক ডাউনৰ সিদ্ধান্তক এক হঠকাৰী সিদ্ধান্ত আখ্যা দি, মূল্যবৃদ্ধিৰ বাবেও তেওঁলোকক দোষাৰোপ কৰে প্ৰতিবাদকাৰী সকলে ৷ সম্প্ৰতি তেওঁলোকে অখিল গগৈ, মানস কোঁৱৰ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱান আদিকে ধৰি কাৰাবন্দী কৰি ৰখা লোকসকলক মুক্তি দিয়াৰ লগতে, জয়ন্ত বৰাৰ হত্যাকাৰীৰ ক্ষেত্ৰত অনতিপলমে উচিত তদন্ত কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে ৷ মন্ত্ৰী যোগেন মহন আৰু অতুল বৰাই 7 দিনৰ ভিতৰত জয়ন্ত বৰা হত্যাৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিব বুলি কোৱাৰ 17 দিন উকলি যোৱাৰ পিচতো তদন্ত নোহোৱা বিষয়ক লৈ ক্ষোভ প্ৰকাশ কৰিছে ৷
লগতে পঢ়কঃ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে চি পি আই (এম)ৰ বিক্ষোভ