ETV Bharat / state

যোৰহাটত নিযুক্তি প্ৰদানৰ দাবীৰে প্ৰতিবন্ধী সকলৰ প্ৰতিবাদ - Protest by the physically handicap

সোমবাৰৰ পৰা বিভিন্ন দাবীৰে 17 ঘন্টীয়া অনশন কাৰ্যসূচীৰে উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ যোৰহাট জিলা সমিতিয়ে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷

যোৰহাটত নিযুক্তি প্ৰদানৰ দাবীৰে প্ৰতিবন্ধী সকলৰ প্ৰতিবাদ

author img

By

Published : Jan 26, 2021, 9:56 AM IST

Updated : Jan 26, 2021, 10:35 AM IST

যোৰহাট, 26 জানুৱাৰী: আজি গণতন্ত্ৰ দিৱস ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো উদযাপন কৰা হ'ল গণতন্ত্ৰ দিৱস ৷ কিন্তু তাৰ মাজতে যোৰহাটত প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰতিবন্ধীসকলে ৷ সোমবাৰৰ পৰা বিভিন্ন দাবীৰে 17 ঘন্টীয়া অনশন কাৰ্যসূচীৰে উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ যোৰহাট জিলা সমিতিয়ে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আৰম্ভ কৰিছিল প্ৰতিবাদ ৷ 2021 চনৰ 28 জানুৱাৰীৰ ভিতৰত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বাবে প্ৰতিবন্ধীসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি ১০ ফ্ৰেব্ৰুৱাৰীৰ ভিতৰত নিযুক্তিৰ দাবী উত্থাপন কৰে ৷

যোৰহাটত নিযুক্তি প্ৰদানৰ দাবীৰে প্ৰতিবন্ধী সকলৰ প্ৰতিবাদ

উল্লেখ্য যে, নিযুক্তি প্ৰদানৰ লগতে আন বহু কেইটা দাবী উত্থাপন কৰে প্ৰতিবন্ধী সকলে ৷ প্ৰতিবন্ধী সকলৰ আত্ম নিয়োজনৰ বাবে 20 হাজাৰ টকা মোকোলাই দিয়া আৰু দীনদয়াল দিব্যাংগ আঁচনিৰ ধন 5000 টকালৈ বৃদ্ধি কৰাৰ দাবী উত্থাপন কৰে ৷ ইয়াৰ লগতে উজনি অসমত প্ৰতিবন্ধী কাৰ্যালয় তথা ভৱন নিৰ্মানৰ বাবে ৫০ লাখ টকা ৩১ জানুৱাৰীৰ ভিতৰত আৱন্টন দিয়াৰো দাবী উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ যোৰহাট জিলা সমিতিয়ে ৷

লগতে পঢ়ক: সাহিত্যিক,কথাশিল্পী ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মান

Last Updated : Jan 26, 2021, 10:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.